নতুন দিল্লীঃ মঙলবাৰে পুৱতি নিশা ভাৰতীয় বায়ুসেনাই পাকিস্তান অধিকৃত কাশ্মীৰৰ বালাকোটত থকা জইছ-ই-মহম্মদৰ প্ৰশিক্ষণ ঘাটি ধ্বংস কৰাৰ পাছতে বিদেশ মন্ত্ৰালয়ে এক সংবাদমেল আযোজন কৰে।

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সচিব বিজয় গোখলে সম্বোধন কৰা সংবাদ মেলখনত তেওঁ জনায় যে পাকিস্তানে ২০০৪ চনতে দেশখনৰ মাটি কোনো সন্ত্ৰাসবাদী সংগঠনকে ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতো কাৰ্যতঃ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

যোৱা ১৪ ফেব্ৰুৱাৰীত জইছ-ই-মহম্মদৰ আত্মঘাতী সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰি ৪০ জন বীৰ জোৱানক ছহিদ কৰে। ভাৰতে ইতিমধ্যে তথ্য লাভ কৰিছে যে পুনৰ এনে আত্মঘাতী আক্ৰমণৰ বাবে জইছ-ই-মহম্মদে পৰিকল্পনা কৰিছে আৰু ইয়াৰ বাবে সন্ত্ৰাসবাদী সমগঠনটোৱে শতাধিক অত্মঘাতী জেহাদীক প্ৰশিক্ষণ দি আছে। সেয়ে সন্ত্ৰাসবাদীৰ এনে পৰিকল্পনা বিফল কৰিবৰ বাবে ভাৰতে আজিৰ বিমান আক্ৰমণটো চলায় বুলি বিদেশ সচিবজনে জানিবলৈ দিয়ে।

তেওঁ লগতে কয় যে আজিৰ বায়ুসেনাৰ অভিযানটোৰ জৰিয়তে বালাকোটৰ ঘাটিত থকা জইছ-ই-মহম্মদৰ ঘাটিত থকা বৃহৎ সংখ্যক সন্ত্ৰাসবাদী, প্ৰশিক্ষাৰ্থী, জ্যেষ্ঠ নেতা, কমাণ্ডাৰ আৰু আত্মঘাতী প্ৰশিক্ষাৰ্থীক নিধন কৰা হৈছে। এই ঘাটিটো জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ আত্মীয় য়াছুফ আজহাৰ ওৰফে ওস্তাদ আজহাৰে পৰিচালনা কৰিছিল।

গোখলে লগতে জানিবলৈ দিয়ে যে বায়ুসেনাই এই অভিযানৰ পৰিকল্পনা এনেভাৱে কৰিছিল যাতে কোনো অসামৰিক লোকৰ কোনো ক্ষতি নহয়। তদুপৰি সন্ত্ৰাসবাদীৰ ঘাটিটো অসামৰিক লোকৰ আবাসভূমিৰপৰা বহু আঁতৰৰ পাহাৰাঞ্চলত আছিল।