newsnextone.com |  মৰিগাঁওঃ বিদেশী ন্যায়াধিকৰণত গোচৰ চলাৰ অন্তত বিদেশী বুলি চিনাক্ত হোৱা পৰিয়ালৰ লোকৰ নাম এনআৰচিৰ খচৰাত সন্নিবিষ্ট হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যজুৰি৷ মৰিগাঁও জিলাত সংঘটিত হৈছে এই কাণ্ড। এই ঘটনাই এতিয়া এনআৰচিৰ শুদ্ধতাক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে। ইমান বোৰ ব্যৱস্থাৰ মাজত এনআৰচিত কেনেদৰে বিদেশীৰ নাম সোমাল তাকেই লৈ উত্থাপন হৈছে প্ৰশ্নৰ। 

বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি চিনাক্ত কৰা ৩৯টা সন্দেহজনক বিদেশী পৰিয়ালৰ নাম কেনেদৰে সোমাল তাৰ তদন্ত কৰাৰ প্ৰয়োজন আছে বুলি কয় একাংশ লোকে। পৰিয়ালকেইটাৰ নথি-পত্ৰত আঁসোৱাহ থকাৰ ফলতেই বিদেশী বুলি ৰায় প্ৰদান কৰিছিল বিদেশী ন্যায়ধিকৰণে।

৩৯টা পৰিয়ালৰ ভিতৰত মৰিগাঁও জিলাৰ বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা, গোচৰ চলি থকা আৰু সন্দেহ যুক্ত ভোটাৰ তালিকাত নাম থকা পৰিয়াল আছে। পৰিয়ালকেইটাৰ নথি পৰীক্ষণৰ সময়ত নথি পত্ৰত আঁসোৱাহ ধৰা পৰে বুলি জানিব পৰা গৈছে। পৰিয়াল কেইটাৰ নাম চূড়ান্ত এনআৰচিত নাহে বুলি মৰিগাঁও জিলাৰ জিলা উপায়ুক্ত হেমেন দাসে স্পষ্ট কৰিছে।

মৰিগাঁও জিলাৰ লাহৰীঘাটকে ধৰি বিভিন্ন প্ৰান্তৰ ৩৯টা পৰিয়াল৷ বিদেশী ন্যায়ধীকৰণ ২০১১ চনৰ পিছৰে পৰা দীৰ্ঘ শুনানিৰ অন্তত মৰিগাঁও জিলাৰ ৩৯টা পৰিয়ালক বিদেশী বুলি চিনাক্ত কৰছিল৷ কিন্তু সকলোকে আচৰিত কৰি পৰিয়ালসমূহৰ নাম এনআৰচিৰ দ্বিতীয় খন খচৰাত অন্তৰ্ভুক্ত হৈছে৷

পৰিয়ালৰ সদস্যৰ নামো এনআৰচিত অন্তৰ্ভুক্ত হোৱাৰ আশংকা কৰিছে ৰাইজে৷ এই ঘটনাৰ পাছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে মৰিগাঁও জিলা তথা ৰাজ্যত৷ বিদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ লগতে বিদেশী বুলি চিনাক্ত হোৱা লোকৰ নাম অন্তৰ্ভুক্ত হোৱাত ধুমুহাৰ সৃষ্টি হৈছে জিলাখনত৷ 

বিদেশী খেদাৰ নামত ৬ বছৰীয়া অসম আন্দোলন কিয় কৰা হ’ল বুলি প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে৷ আন্দোলনত বহু অসমীয়া ডেকাই অকালতে প্ৰাণ দিলে। অসম চুক্তি হল আৰু দীৰ্ঘ সময়ৰ অন্তত অৱশেষত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত এনআৰচি প্ৰস্তুতৰ বাট মুকলি হল। কিন্তু এনআৰচিক লৈ অসমীয়া ৰাইজৰ আশংকা দুৰ নহল৷

দেশৰ শীৰ্ষ আদালতে এনআৰচি সন্দৰ্ভত অসম চৰকাৰৰ ওপৰত সময়ে সময়ে হেঁচা প্ৰয়োগ কৰি আহিছিল৷ অন্যথাই হয়তো আৰু এশ বছৰলৈ এনআৰচি প্ৰস্তুত নহ’লহেতেন। ঐতিহাসিক অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ কেচাঁ তেজৰ বিনিময়ত পোৱা এনআৰচিৰ প্ৰথম খন খচৰা ইতিমধ্যে ২০১৭ চনৰ ৩১ ডিচেম্বৰত প্ৰকাশ পায়। দ্বিতীয় খন খচৰা ৩০ জুলাইত প্ৰকাশ পায়। ৩০ জুলাইত প্ৰকাশ পোৱা সম্পূৰ্ণ খচৰাত ৩৯টা পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হয়।  

অসমৰ খিলঞ্জীয়া জনসাধাৰণে আশা কৰিছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জড়িয়তে অসমত থকা বিদেশী চিনাক্ত হ’ব আৰু অসম বিদেশী মুক্ত হ’ব৷ কিন্তু কিমান নিকা আৰু স্বচ্ছতাৰে প্ৰকাশ হল খচৰা দুখন৷ এই প্ৰশ্ন এতিয়া সকলোৱে উত্থাপন কৰিবলৈ আৰম্ভ হৈছে৷

এন আৰ চিৰ কামত নিয়োজিত একাংশ দ্বায়িত্বজ্ঞানহীন বিষয়া-কৰ্মচাৰীৰ বাবেই এনেবোৰ ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন হৈছে৷ এতিয়া প্ৰশ্ন হ’ল এনআৰচিৰ খচৰাত কিমান বিদেশীৰ নাম সোমাইছে৷ কিমান বিদেশী স্বদেশী হ’বলৈ ওলাইছে তাৰো এতিয়া তদন্ত হোৱাৰ প্ৰয়োজন আছে।