খেৰণিঃ প্ৰকৃতিৰ ৰাণী খ্যাত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সেউজীয়া পাহাৰ এফালৰ পৰা ধ্বংস কৰি যোৱাৰ দৃশ্যই প্ৰকৃতি প্ৰেমীৰ বুকু কপি উঠিছে৷ পাহাৰীয়া জিলা খনৰ গছ-গছনিৰে ভৰি থকা পাহাৰ এক্সভেটৰেৰে দিনে-নিশাই খনন কৰি কয়লা উলিয়াই থকা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এফালৰ পৰা সেউজীয়া পাহাৰ ধ্বংস কৰি যোৱাৰ পিছতো বন বিভাগে কোনো ব্যৱস্থা নোলোৱাত একাংশ বীৰাপ্পান সদৃশ লোকে দিনে নিশাই পাহাৰ ধ্বংস কৰি খনন কৰিছে কয়লাৰ বাবে৷ বৃহৎ পাহাৰ ধ্বংস কৰাৰ পিছতো যেন ধৰোতা কোনো নাই৷

কাৰ্বি পাহাৰৰ বকলিয়াঘাটৰ পৰা প্ৰায় ১২ কিঃ মিঃ নিলগৰ লাংমিলী, ডিছামা আৰু ডিছুফাই গাঁও এলেকাৰ পৰা প্ৰায় ১০ কিঃ মিঃ এলেকাত এতিয়া পাহাৰ ধ্বংস কৰাৰ বাবে যুদ্ধ সদৃশ পৰিৱেশ৷ অবৈধ বনদস্যুৱে এক্সভেটৰেৰে অবৈধ কয়লা খনন কৰি ডাম্পাৰেৰে কঢ়িয়াই লাখ লাখ টকা উপাৰ্জন কৰি আহিছে৷ জানিব পৰা মতে, ১ ফেব্ৰুৱাৰীৰ পৰা কেইবাখনো ডাম্পাৰ আৰু এক্সভেটৰেৰে পূৰ্ণ গতিত কাৰ্বি পাহাৰত বনদস্যুৱে অবৈধ কয়লা খনন আৰু সৰবৰাহ কৰি গৈছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত কয়লা ছিণ্ডিকেটৰ বাতৰিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল৷ তাৰ পিছতেই ৰাজ্য চৰকাৰে তথা ৰাজ্যৰ তিনিজনকৈ উচ্চ পদস্থ বিষয়াই সংবাদ মেল অনুষ্ঠিত কৰি স্পষ্টিকৰণ দিব লগা হৈছিল৷ ইমানৰ পিছতো কিন্তু অবৈধ কয়লা খনন আৰু সৰবৰাহ বন্ধ কৰাৰ পৰিবৰ্তে একাংশ লোকে উদগনি দিয়া হে পৰিলক্ষিত হয়৷

মুঠতে ফুটুকাৰ ফেনত পৰিণত হৈছে বিজেপি চৰকাৰখনে ৰাজ্যবাসীক প্ৰদান কৰা দুৰ্নীতি মুক্ত ৰাজ্য গঢ়াৰ প্ৰতিশ্ৰুতি আৰু বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি। উল্লেখ্য যে, কাৰ্বি পাহাৰত অবৈধ কয়লা খনন আৰু সৰবৰাহ কাৰ্যৰ বিৰুদ্ধে কেৱল নাটকীয়ভাৱে অভিযান চলাই চৰকাৰ তথা সংশ্লিষ্ট কর্তৃপক্ষই নিজৰ দায়িত্ব সামৰে। যাৰ পৰিপ্ৰেক্ষিতত পুনৰ গা কৰি উঠিছে কয়লা ছিণ্ডিকেটৰ ব্যাপক বেহা পাহাৰীয়া জিলা কাৰ্বি পাহাৰত।

কাৰ্বি পাহাৰৰ অবৈধ কয়লা খনন আৰু সৰবৰাহ কাৰ্যৰ সন্দৰ্ভত বাতৰি প্ৰচাৰ হোৱাৰ পাছত মাত্ৰ কেইটামান দিনহে এই কাৰ্য বন্ধ হৈ পৰিছিল। কিন্তু ইয়াৰ পাছত কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটৰ লাংমিলী, ডিছামা আৰু ডিছুফাই অঞ্চলত বনদস্যুৱে অবৈধ কয়লা খনন কাৰ্য পুনৰ চলাই গৈছে। অঞ্চলসমূহৰ পৰা ফকলেণ্ড, এক্সভেটৰেৰে কয়লা খান্দি পুনৰ ডাম্পাৰে ডাম্পাৰে কয়লা কঢ়িয়াই লাংমিলীৰ মৌজাৰ টেৰাং গাঁও আৰু ৰংবং টেৰাং গাঁৱত মজুত কৰা পৰিলক্ষিত হৈছে।

গাঁও দুখনৰ পৰাই ডিমাপুৰ, উমৰাংচুৰ ডালমিয়া, গুৱাহাটী আৰু ইটাভাটা বোৰলৈ নিতৌ ট্ৰাকে ট্ৰাকে কয়লা সৰবৰাহ হৈ আহিছে৷ নাগালেণ্ডৰ ভুৱা চালানৰ সহায়েৰে উমৰাংচুৰ ডালমিয়ালৈ কয়লা সৰবৰাহ হয় বুলি ফোনযোগে সাংবাদিকক গুৰুতৰ অভিযোগ দিয়ে। উমৰাংচুৰ ডালমিয়াত এই সন্দৰ্ভত তদন্ত কৰিলে জুলুঙাৰ মেকুৰী ওলাই পৰিব বুলিও কয় কেমেৰাৰ আঁতৰত থকা অভিযোগকাৰীয়ে। আনকি এই কয়লা চোৰাং বেপাৰত বিজেপিৰ নেতা-পালিনেতা পৰোক্ষভাৱে জড়িত থকাৰ কথাও উল্লেখ কৰিছে অভিযোগকাৰীয়ে।