কাজিৰঙাঃ অসমৰ চৰকাৰী চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত বৰ্তমানেও সকলোতে কেলেংকাৰী ৷ সকলো বিভাগৰে নিযুক্তি প্ৰক্ৰিয়াত যেন এতিয়া  কেঁচু খান্দোতে সাপ ওলোৱাটো নিতান্তই স্বাভাৱিক ৷ কেন্দ্ৰৰ লগতে ৰাজ্যত নতুন চৰকাৰ গঠন হোৱাৰ পাছত পৰিৱৰ্তনৰ দোহাই দি সকলো চৰকাৰী বিভাগতে চলিছিল নতুন মন্ত্ৰী-বিষয়াৰ কেলেংকাৰী ফাদিল কৰাৰ অভিযান ৷ গ্ৰেপ্তাৰ হৈছিল মোটা অংকৰ ধনৰ বিনিময়ত চাকৰি দিয়া শ শ উচ্চ আসন অধিষ্ঠিত কৰা বিষয়া ৷ তৎসত্বেও যেন অবৈধ কেলেংকাৰীৰে নিযুক্তি দিয়া জালিয়াতি কাণ্ডবোৰৰ ওৰ নপৰিব ৷

পুনৰ তেনে এক গাফিলতি উদঙাই দেখুৱাইছে বনবিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত ৷ ৰাজ্যৰ পাচঁখন জিলাৰ ওপৰত ভিত্তি কৰি বনবিভাগে যি এক বিশেষ বাহিনী তৈয়াৰ কৰা যো-জা কৰিছে তাত সম্পূৰ্ণৰূপে গাফিলতি কৰাৰ পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ ডিচেম্বৰ মাহত উক্ত বাহিনীৰ শাৰিৰীক পৰীক্ষা আৰম্ভ কৰিছিল বোকাখাতস্থিত ৰাজহুৱা খেল পথাৰত ৷ কিন্তু আশ্বৰ্যজনকভাৱে শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতো বহু পৰীক্ষাৰ্থীৰ নাম উল্লেখিত নহ’ল লিখিত পৰীক্ষাত বহিবৰ বাবে ৷

লক্ষণীয় কথাটো হ’ল যে বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই কাজিৰঙাত উপস্থিত হৈ গঁড় সুৰক্ষাৰ স্বাৰ্থত কাজিৰঙাৰ থলুৱা তথা দাঁতিকাষৰীয়া নিবনুৱা যুৱক-যুৱতীকহে উক্ত বিভাগত নিযুক্তি দিয়া হ’ব বুলি ঢাক-ঢোল বজায় আছিল অৱশেষত সেইয়া ফুটুকাৰ ফেনলৈ ৰূপান্তৰিত হ’ল ৷

কিয়নো, নিচেই দাঁতিকাষৰীয়া যি সকল নিবনুৱা শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল তেঁওলোকৰ নামেই উত্থাপন নহ’ল লিখিত পৰীক্ষালৈ ৷ ইয়াকে লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আছু, আটছা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰকে ধৰি বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ৷

এইক্ষেত্ৰত সাংবাদিকৰে হোৱা এক বৈঠকত নৱনিযুক্ত কাজিৰঙাৰ সঞ্চালক গৰাকীয়ে স্থানীয় যুৱক-যুৱতীক লৈ টুলুঙা মন্তব্যহে কৰে ৷ লগতে বোকাখাত বনসংমণ্ডল বিষয়া ৰোহিনী বল্লভ শইকীয়াই এই ক্ষেত্ৰত সাংবাদিকৰ প্ৰশ্ন উত্তৰৰ পৰা ফালৰি কাটিবলৈ হে চেষ্টা কৰা পৰিলক্ষিত হয় ৷ তেখেতে কয় যে, এই সম্পূৰ্ণ নিযুক্তি প্ৰক্ৰিয়া গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়ৰ নেতৃত্বত সম্পন্ন হৈছে ৷

ইয়াকে লৈ বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে যে, আৰক্ষী অধীক্ষক গৰাকীয়ে কেনেধৰনে এই প্ৰক্ৰিয়া সম্পন্ন কৰিছে য’ত স্থানীয় এগৰাকী যুৱক-যুৱতীৰ নামও উল্লেখিত নহ’ল ৷ দল সংগঠন সমূহেও বনবিভাগ আৰু আৰক্ষী অধীক্ষক গৰাকীৰ এনে কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু অতি শীঘ্ৰে এই বাছনিৰ পুনৰ বিচাৰ-বিবেচনা কৰিবলৈ অনুৰোধ জনায় ৷ অন্যথা অধিক তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী গঢ়ি তুলাৰ হুংকাৰ দিয়ে বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মক !