newsnextone.com | কোকৰাঝাৰঃ বিটিচিৰ একমাত্ৰ বিৰোধী দল ইউনাইটেড পিপুলচ পাৰ্টি লিবাৰেল চমুকৈ ইউপিপিএলৰ প্ৰথম ত্ৰি বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে কোকৰাঝাৰ জিলাৰ  দোতমাত দেওবাৰে পালন কৰা হয়। 

দোতমাস্থিত দলীয় কাৰ্যালয় চৌহদত কোকৰাঝাৰ জিলা ইউপিপিএলৰ উদ্যোগত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ তথা দলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মই অংশগ্ৰহণ কৰি যোৱা ২০১৫ চনৰ আজিৰ দিনটোত জন্ম লাভ কৰা ইউপিপিএল দলে ২০১৬ চনৰ বিটিচি নিৰ্বাচনত বিভিন্ন সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰাত মুঠ ৭জনকৈ প্ৰাৰ্থীয়ে জয়ী হৈছিল বুলি কয় ৷

 ইউপিপিএল দলৰ এই গতিধাৰা অব্যাহত ৰখাৰ দৃঢ় সংকল্পৰে আগন্তুক ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিটিচিৰ লগতে বিটিচিৰ বাহিৰৰ দুটাকৈ লোকসভা সমষ্টিত ইউপিপিএল দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি জানিবলৈ দিয়ে উৰ্খাও গৌৰা ব্ৰহ্মই ৷ 

বিটিচিৰ শাসকীয় বিপিএফ দল আৰু বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ইউপিপিএল দল সম্পূৰ্ণ সাজু আছে বুলি মন্তব্য কৰি এইমুহূৰ্ততত কোনো ৰাজনৈতিক দলৰ সৈতে ইউপিপিএল দলে মিত্ৰতা কৰাৰ চিন্তা চৰ্চা কৰা নাই বুলিও জানিবলৈ দিছে উৰ্খাও গৌৰা ব্ৰহ্মই ৷ ইপিনে বহু চৰ্চিত এনআৰচিৰ চূড়ান্ত খচৰাত প্ৰকৃত নাগৰিকৰ যাতে নাম বাদ নপৰে তাৰ প্ৰতি নজৰ দিবলৈ চৰকাৰক আহ্বান জনাইছে ব্ৰহ্মই ৷ উল্লেখ্য যে, ইউপিপিএল দলে বিটিএডিৰ চাৰিওখন জিলা আৰু মহকুমা পৰ্যায়ত দলৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।