বেকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত সৰিয়হজান আৰু বোকাজান নগৰত দেওবাৰে দুটাকৈ পথৰ আধাৰশিলা স্থাপন কৰে বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডা০ নোমল ম'মিনে৷

বৰজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত সৰিয়হজান বজাৰৰ পৰা সৎসংগ হৈ ৩৮০ মিটাৰ পথ আৰু বোকাজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বোকাজান নগৰৰ পুৰণা এনডি পথৰ পৰা টেঙাহোলা হৈ নাওঘাটলৈ ৪৮০ মিটাৰ পথৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে৷

আধাৰশিলা স্থাপন অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধ্যুৰ্য ঢেকিয়াল ফুকন, দেওপানী পৰিষদীয় সমষ্টিৰ সদস্য মুকুট মহন্ত, গড়কপ্তানী বিভাগৰ চিলনীজান সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা অজিত দাস উপস্থিত থাকে৷ কেইবাগৰাকীও বিভাগীয় উচ্চ পদস্থ বিষয়া, ভালেসংখ্যক বিজেপি নেতা আৰু অঞ্চল দুটাৰ শতাধিক লোক উপস্থিত থাকে।

দেওবাৰে আঁচনি দুখনৰ আধাৰশিলা স্থাপন কৰি বিধায়ক ডা০ নোমল ম'মিন আৰু কাৰ্যবাহী সদস্য মাধ্যুৰ্য ঢেকিয়াল ফুকনে বোকাজানৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সর্বাংগীন উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত পূৰ্বৰ চৰকাৰতকৈ বিজেপি চৰকাৰ এখোজ হলেও আগবাঢ়ি থাকিব বুলি কয়৷

বিগত নিৰ্বাচনত বিজেপিয়ে প্ৰদান কৰা প্ৰতিটো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰি গৈছে বুলিও কয়৷ এডভাণ্টেজ আছামৰ জড়িয়তে দেশী-বিদেশী কোম্পানীয়ে অসমত বিনিয়োগ কৰাৰ ফলত সৰ্বতোপ্ৰকাৰ অসমৰ উদ্যোগসমূহৰ উন্নয়ন কৰিব বুলি কয় বিধায়কগৰাকীয়ে৷ আনহাতে দুৰ্নীতিৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কোনো কম্প্ৰমাইজ নকৰে বুলি কোৱাৰ লগতে দলৰ কোনো সদস্য যদি দুৰ্নীতিত লিপ্ত হৈ আছে তেন্তে তেওঁ শাস্তি ভোগ কৰিব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই বিধায়কগৰাকীয়ে৷

উল্লেখ্য যে পিছ পৰা শ্ৰেণী আৰু ভৈয়াম জনজাতি কল্যাণ মন্ত্ৰণালয়ৰ এছ পি এছ চি আঁচনিৰ অধীনত আধাৰশিলা স্থাপন কৰা সৰিয়হজান বজাৰৰ পথৰ আঁচনি খন ৩৯ লাখ ৪৬ হাজাৰ টকা আৰু বোকাজান নগৰৰ পথৰ আঁচনি খন ৩৬ লাখ ৪ হাজাৰ টকাৰ বিনিময়ত ব্লক পেভমেণ্টেৰে সম্পূর্ণ কৰি তোলা হ’ব বুলি কাৰ্যবাহী অভিযন্তা অজিত দাসে জানিবলৈ দিয়ে৷