নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ ঐতিহাসিক সাৰ্বজনীন গৰখীয়া থানত দৌল উৎসৱ উদযাপনৰ প্ৰস্তুতি চলাই থা পৰিলক্ষিত হৈছে৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ভূমি হিচাপে পৰিচিত প্ৰায় তিনিশ বছৰ গৰকা থানখনত প্ৰতি বছৰে উদযাপন কৰি অহা উৎসৱসমূহৰ ভিতৰত 'দৌল মহোৎসৱ' অন্যতম৷

গঞা ৰাইজে জাতি-বৰ্ণ নিৰ্বিশেষে পৰম ৰং-ৰহইচৰ মাজেৰে পালন কৰি অহা দৌল মহোৎসৱ পঁচিশ বছৰত ভৰি দিয়ে৷ দৌল মহোৎসৱক লৈ ৰাইজ উৎসাহিত হৈ পৰা দেখা যায়৷ কিয়নো এইবাৰ দৌল মহোৎসৱে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিব৷

বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ উপস্থিতিত বুধবাৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ লাই খুঁটা স্থাপন কৰা হয়৷ যাৰ ফলত থান চৌহদত একপ্ৰকাৰ উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হয়৷ গায়ন-বায়নৰ খোল, তাল, দবা, নাগাৰা, শংখ তথা আৰতীৰ উৰুলিৰ মাংগলিক ধ্বনিৰ সমাহাৰ ঘটে৷ লাই খুঁটা স্থাপন কৰে শংকৰী কলা-কৃষ্টিৰ বিশিষ্ট গৱেষক ড০ নৰেন কলিতাই৷

অনুষ্ঠানত বিহু তথা সত্ৰীয়া নৃত্যৰ বিশেষজ্ঞ বিষ্ণুৰাম মেধী, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মা, নগাঁও জিলা বিজেপিৰ সম্পাদক জয়ন্ত কুমাৰ নাথ, অসম প্ৰাদেশীক যোগী সন্মিলনীৰ উপদেষ্টা ভগীন্দ্ৰ নাথকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰে৷ লাইখুটা অনুষ্ঠানৰ পিছতেই কণ কণ শিশু আৰু যুৱক-যুৱতীয়ে শংকৰী কলা-কৃষ্টি প্ৰদৰ্শনৰ লগতে বয়োজ্যেষ্ঠ লোকসকলৰ এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়৷ ঐতিহাসিক থানখনৰ দৌল মহোৎসৱৰ ৰূপালী জয়ন্তী অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ অনুষ্ঠিত হ’ব৷