খাৰুপেটীয়াঃ ভিগেন ইণ্ডিয়াই খাৰুপেটীয়া বাৰোৱাৰী পূজা মন্দিৰ সমিতিৰ তত্বাৱধানত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে। ২৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা শিবিৰত প্ৰায় তিনি শতাধিক ৰোগীক নেচাৰেল থাৰমল একো প্ৰেচাৰ মেচেঞ্জাৰৰ জৰিয়তে চিকিৎসা সেৱা আগবঢ়োৱা হয়।

অসমৰ বিভিন্ন ঠাইত এই শিবিৰ অনুষ্ঠিত কৰি অসংখ্যক ৰোগীক সেৱা কৰি অহা বুলি ভিগেন ইণ্ডিয়াৰ স্বত্বাধিকাৰী মৃত্যুঞ্জয় পালে জানিবলৈ দিয়ে। এই নেচাৰেল থাৰমল মেচেঞ্জাৰৰ জৰিয়তে বিভিন্ন বিষ বেমাৰৰ উপৰিও মধুমেহ, উচ্চৰক্তচাপ আদি বেমাৰো আৰোগ্য লাভ কৰা বুলি জনায় মৃত্যুঞ্জয় পালে। শিবিৰত স্বাস্থ্য শিবিৰত সৌৰভ আদ্য, প্ৰণৱ ডেকা, সুবোধ ঘোষ, অজিত দত্ত আৰু শংকৰ কুমাৰ মিত্ৰ উপস্থিত থাকে।