newsnextone.com | গৰৈমাৰিঃ এগৰাকী প্ৰসূতিৰ পৰা প্ৰসৱ কৰাৰ বাবে এগৰাকী চিকিৎসকে ২০ হাজাৰ টকা দাবী কৰি ১০ হাজাৰ টকা আদায় লোৱাৰ পিছতো গাফিলতা কৰাৰ ফলত কেচুৱাৰ মৃত্যু হোৱাৰ ঘটনাই দক্ষিণ কামৰূপত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে অভিযুক্ত চিকিৎসকৰ বিৰুদ্ধে প্ৰসূতিৰ পৰিয়ালে এজাহাৰ দাখিল কৰে। কামৰূপৰ গৰৈমাৰিত এই কাণ্ড সংঘটিত হোৱাত উত্তেজনাই বিৰাজ কৰে। 

জানিব পৰা মতে, গৰৈমাৰিৰে এগৰাকী প্ৰসূতিৰ প্ৰসৱৰ সময় হোৱাত দক্ষিণ কামৰূপৰ গৰৈমাৰীস্থিত সামুহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে। গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক গৰ্গৰয় মালীয়ে প্ৰসূতিৰ পৰীক্ষা-নিৰীক্ষা কৰি নিশাই প্ৰসৱৰ সময় নিৰ্ধাৰণ দিয়ে।

কিন্তু  চিকিৎসক গৰ্গৰয় মালীয়ে প্ৰসূতিৰ প্ৰসৱ কৰাৰ বিনিময়ত ২০ হাজাৰ টকা দাবী কৰে। সন্তান প্ৰসৱ কৰাৰ বিনিময়ত গৰৈমাৰী সামুহিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক গৰ্গৰয় মালীয়ে ২০ হাজাৰ টকা দাবী কৰাত দৰিদ্ৰ পৰিয়ালটোৱে বিপদত পৰে। ইমান টকা কৰ পৰা দিব সেই কথাৰ চিন্তাত পৰি ওচৰ চুবুৰীয়াক ফোন কৰি পৰিয়ালটোৱে ১০ হাজাৰ টকা যোগাৰ কৰি চিকিৎসক গৰ্গৰয় মালীক দিয়ে ৷ পৰিয়ালৰ লোকে আৰু ১০ হাজাৰ টকা আদায় নিদিয়াত চিকিৎসক গৰ্গৰয় মালীয়ে প্ৰসূতি গৰাকীক সংকটজনক অৱস্থাত এৰি থৈ চিকিৎসালয়ৰ পৰা অন্তৰ্ধান হয় ৷ 

সম্পূৰ্ণ এটি নিশা প্ৰসূতিয়ে প্ৰসৱ বেদনাত হাহাকাৰ কৰি শুকুৰবাৰে পুৱা ১০ বজাত অইন চিকিৎসকৰ সহায়ত সন্তান প্ৰসৱ কৰে যদিও কিছুসময়ৰ পিছতে কেচুৱাৰ মৃত্যু হয়। কেচুৱাৰ মৃত্যুৰ পিছতেই চিকিৎসালয়খনত এক উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়৷ একমাত্ৰ চিকিৎসকৰ গাফিলতি তথা ধনৰ লোভৰ বাবে কেচুৱাৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰি চিকিৎসক গৰ্গৰয় মালীৰ বিৰুদ্ধে প্ৰসূতিৰ পৰিয়ালে গৰৈমাৰী আৰক্ষী চকীত এটি এজাহাৰ দাখিল কৰে ৷ অাৰক্ষীয়ে কেচুৱাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷

দক্ষিণ কামৰূপৰ গৰৈমাৰীস্থিত সামুহিক স্বাস্থ্য কেন্দ্ৰত কি চলিছে সেই কথা কিন্তু অৱগত হয় নে নহয় ৰাইজে প্ৰশ্ন উত্থাপন কৰে। মন্ত্ৰী শৰ্মাই  নজনাকৈয়ে চিকিৎসকে দৰিদ্ৰ প্ৰসুতিৰ পৰা ধন লৈ আহিছে বুলি অভিযোগ উত্থাপন কৰে ৰাইজে।