ফাইল ফটো
ফাইল ফটো

চাবুৱাঃ নিশাৰ বিহু মঞ্চ মানেই যেন একাংশ যুৱকৰ উদ্ভণ্ডালি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিহু সন্মিলনীত একাধিক উদ্ভণ্ডালি সংঘটিত হৈ অহাৰ মাজতে মৰাণতো বুধবাৰে নিশা বহাগী মহোৎসৱত এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ বাতৰি পোৱা গৈছে।

সদৌ অসম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিয়ে আয়োজন কৰা দ্বা-বিংশতিতম ব'হাগী মহোৎসৱৰ ২৬ এপ্ৰিলৰ সাংস্কৃতিক অনুষ্ঠানত পুৱতি নিশা প্ৰায় ৩-৩০ বজাত অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হয়। জনপ্ৰিয় কন্ঠ- শিল্পী নীল আকাশে গীত পৰিৱেশন কৰি হাজাৰ-হাজাৰ শ্ৰোতাক আপ্লুত কৰাৰ সময়তে সংঘটিত হয় এই অঘটন।

জানিব পৰা মতে, শিল্পীগৰাকীয়ে  গীত পৰিৱেশন কৰি থকা অৱস্থাতে তেওঁৰ সৈতে ছেলফি উঠিবলৈ মঞ্চত প্ৰৱেশ কৰে এচাম যুৱক-যুৱতী। এই দৃশ্য প্ৰত্যক্ষ কৰি শিল্পীগৰাকীৰ নিৰাপত্তাৰ স্বাৰ্থত ছেলফি পিয়াসী যুৱক-যুৱতীৰ দলটোক বাধা দিবলৈ আগবাঢ়ি আহে এজন সতীৰ্থ।

কিন্তু সতীৰ্থজনক চিনি নাপায় স্থানীয় কেইজনমান যুৱকে মঞ্চৰ পৰা দাবী-ধমকি দি নমাই দিয়ে। ইয়াকে লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰে। পৰিস্থিতিৰ ক্ৰমাৎ অৱনতি ঘটাত আৰক্ষীয়ে হস্তক্ষেপ কৰিবলগীয়াত পৰে।

মৰাণ উচ্চতৰ মাধ্যমিকত বিদ্যালয়ৰ প্ৰাংগণত চলি থকা এই সাংস্কৃতিক অনুষ্ঠানলৈ মদ্যপান কৰি বিহু উপভোগ কৰিবলৈ অহা এচাম যুৱকৰ বাবেই এনে ঘটনা সংঘটিত হ'বলৈ পালে বুলি প্ৰত্যক্ষদৰ্শীসকলে মত প্ৰকাশ কৰিছে।

এই ঘটনাক আছু তথা উদযাপন সমিতিয়ে গৰিহণা দিয়াৰ লগতে শিল্পীগৰাকীৰ লগতে তেওঁৰ সংগীসকলক অধিক নিৰাপত্তা প্ৰদান কৰে। ইয়াৰ পিছতে ৰাইজৰ অনুৰোধত প্ৰায় পুৱালৈকে গীত পৰিৱেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰি তোলে নীল আকাশে।