ডিজিটেল ডেস্কঃ ফুচকা দেখি মুখলৈ পানী অহাটোৱে ঘটালে অথন্তৰ। ফুচকা খাবলৈ যাওতে গাড়ীৰ খিৰিকী ভাঙি চোৰে চুৰ কৰি নিলে লেপটপ-কেমেৰাসহ নথিপত্ৰ।

বিজেপিৰ নেতা বিজয় জলীয়ে বৃহস্পতিবাৰে সংগম বিহাৰ কাৰ্যালয়ৰ পৰা ওলোৱাৰ পিছতে সন্ধিয়া ৭.৩০ মান বজাত ফুচকা দোকানত ফুচকা খাবলৈ নমাৰ সুযোগতে দুৰ্বৃত্তই তেঁওৰ গাড়ীৰ আইনা ভাঙি উক্ত সামগ্ৰীকেইবিধ লৈ উধাও হয়।

বন্ধুৰ ঘৰলৈ পাৰ্টি এটাৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ জনকপুৰী যোৱা পথত লাডো চৰাইত ফুচকা খাবলৈ নামোতে ঘটে এই ঘটনা।