মোৰাঝাৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চকে-ঘাটে, বজাৰে-পোহাৰে অবাধ গতিত চলিছে জুৱা আৰু মদ-ভাঙৰ আড্ডা। এনেধৰণৰ পৰিৱেশে ৰাজ্যখনত অসামাজিক কাৰ্যকলাপ বৃদ্ধি কৰাৰ পুৰামাত্ৰাই সম্ভাৱনা আছে।

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা এনে খবৰ নিতৌ আহি আছে যদিও কাৰ্যতঃ আৰক্ষী-প্ৰশাসনে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। 

কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত এনেদৰেই নিতৗে চলিছে লাখ লাখ টকাৰ জুৱা। হাওৰাঘাট নগৰৰ মাজমজিয়াত চলা জাণ্ডি-মুণ্ডা খেলে শৈক্ষিক পৰিবেশ বিনষ্ট কৰাৰ লগতে একশ্ৰেণীৰ লোকক সৰ্বস্বান্ত কৰি আহিছে৷

এইক্ষেত্ৰতো আৰক্ষী-প্ৰশাসনে চকু মুদা কুলিৰ ভাও জুৰিছে বুলি সচেতন মহলে অভিযোগ উত্থাপন কৰিছে। অপৰাধমূলক কাৰ্যকলাপৰ প্ৰৱণতা বৃদ্ধি কৰা এনে জুৱা খেলৰ চক্ৰক শীঘ্ৰেই উৎখাত কৰাৰ বাবে ৰাইজে দাবী জনাইছে।