নাওকাটাঃ ৰাজ্য চৰকাৰ তথা বিটিএডি কৰ্তৃপক্ষৰ ভৰসা এৰি জীৱন, সা-সম্পত্তি বচাবলৈ গংগা দেৱীৰ আৰাধনা৷ বিটিএডিৰ বাগসা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী বহুকেইখন গাঁৱৰ লোকে গৰাখহনীয়া তথা প্ৰলয়ংকৰী বানপানীৰ পৰা ৰক্ষা পাবলৈ গংগা দেৱীক পূজা কৰে৷

বছৰ বছৰ ধৰি বাগসা জিলাৰ শুক্লাই ছেৰফাং পৰিষদীয় সমষ্টিৰ ১নং, ২নং বেটাগাঁও, ১নং সুৱাগপুৰ, চেনিগাঁও, বড়িগাঁও, খৈৰাবাৰী, নাটকুছি, মাদালবাৰী, নিজকুছলা আদি বহুকেইখন গাঁৱৰ জনসাধাৰণে বাৰিষা দুৰ্বল মথাউৰি ভাঙি সোমাই অহা পানীয়ে জ্বলা-কলা খুওৱাৰ লগতে গৰাখহনীয়াই জীয়াতু ভোগায়৷

পুঠিমাৰী নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰি অঞ্চলটোৰ কৃষিজীৱী ৰাইজৰ ঘৰ-দুৱাৰ ভাঙি ক্ষতিসাধন কৰাৰ লগতে খেতিৰ মাটি নদীৰ বালিৰে পুতি সৰ্বস্বান্ত কৰে৷ চৰকাৰক ব্যৱস্থা ল’বলৈ কাকূতি-মিনতি কৰি ফল নধৰাত নদীখনৰ সংহাৰী মূৰ্তিৰ পৰা ৰক্ষা পাবলৈ অঞ্চলটোৰ ৰাইজে বেটাগাঁৱৰ পুঠিমাৰী নদীৰ পাৰত গংগা দেৱীক পূজা-অৰ্চনা কৰি সন্তুষ্ট কৰাৰ প্ৰয়াস কৰে৷

বৃহত্তৰ গ্ৰামাঞ্চলটোৰ প্ৰায় পাঁচ শতাধিক পুৰুষ-মহিলাৰ উপস্থিতিত পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণ আৰু মাংগলিক ৰীতি-নীতিৰে পূজা সম্পন্ন কৰি চৰকাৰৰ বিৰুদ্ধে ৰাইজে ক্ষোভ উজাৰে৷ তামুলপুৰ বিধানসভা সমষ্টি তথা বিটিচিৰ শুক্লাই-ছেৰফাং সমষ্টিৰ অধীনৰ এই গাঁওসমূহে চৰকাৰৰ ভৰসা এৰি পূজা-অৰ্চনা কৰিবলগীয়া হোৱা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷