কোকৰাঝাৰ/দুলীয়াজানঃ সমগ্ৰ ৰাজ্যৰ লগতে আজি কোকৰাঝাৰতো ৬৯তম গাওঁৰক্ষী বাহিনী দিৱস পালন কৰা হয়৷ কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনন্দ চন্দ্ৰ বসুমতাৰীয়ে আজি ৰাতিপুৱা গাওঁৰক্ষী বাহিনীৰ পতাকা উত্তোলন কৰে। কোকৰাঝাৰ সদৰ থানাত অনুষ্ঠিত হোৱা উক্ত দিৱসত জিলাখনৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক সকলকে ধৰি কমেও ডেৰ শতাধিক কৰ্ম কৰ্তাই অংশগ্ৰহন কৰি অসম আৰক্ষী আৰু ভিডিপি ভাই ভাই, ভিডিপি জিন্দাবাদ আদি ধ্বনি দিয়ে৷ গাঁওৰক্ষী বাহিনী দিৱস উপলক্ষে অনুষ্ঠিত হোৱা উক্ত সভাত তদুপৰি ভিডিপিৰ সম্পাদক সকলে তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰাৰ উপৰিও তেওঁলোকৰ মাহেকীয়া পাৰিতোষিক ৫০০০ টকালৈ বৃদ্ধিৰ দাবী কৰাৰ দাবী জনাইছে। 

দুলীয়াজানঃ তৈল নগৰী দুলীয়াজানত সদৌ অসম ভিত্তিত ৬৯তম গাঁওৰক্ষী বাহিনী দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহাই, ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক গৌতম বৰা, বিশিষ্ট সাহিত্যক ড০ নগেন শইকীয়া, ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী সহ কেইবাগৰাকী বিধায়ক উপস্থিত থাকে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ডিজিপি মুকেশ সাহাই ভাষণ প্ৰদান কৰি গাওঁৰক্ষী বাহিনীয়ে সততাৰে কাম কৰি যোৱা বুলি কয়। গাঁওৰক্ষী বাহিনী দিৱস উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থ উন্মোচন কৰে ড০ নগেন শইকীয়াই। মুখ্যমন্ত্ৰী সোণোৱালে তিনিচুকীয়া জিলাৰ পিতা-পুত্ৰক আলফাই গুলীয়াই হত্যা কৰা পৰিয়ালটোৰ জেউতি মহন্ত নামৰ সদস্যগৰাকীক আৰ্থিক সাহায্য প্ৰদান কৰে।