ডিজিটেল ডেস্কঃ দিল্লীৰ টোঘলকবাদ এলেকাৰ ৰাণী ঝান্সী বালিকা বিদ্যালয়ত বিষাক্ত গেছ লিকেজৰ ফলত ২০০ জন ছাত্ৰী অসুস্থ হৈ পৰাৰ ফলত ততালিকে ছাত্ৰীসকলক সমীপৱৰ্তী হস্পিতালত ভৰ্তি কৰাবলগীয়া হয়। পুৱাৰ ভাগত পাঠদান চলি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। 

বিদ্যালয়ৰ সমীপতে ৰখাই থোৱা এখন কণ্টেইনাৰ ট্ৰাকৰপৰা হোৱা ৰাসায়নিক গেছ বাহিৰ হোৱাৰ ফলত বিদ্যালয়খনৰ প্ৰথম মহলাৰ ছাত্ৰীসকল হঠাতে অসুস্থ হৈ পৰে। ঘটনাৰ খবৰ পোৱামাত্ৰকে স্থানীয় আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু এনডিআৰএফ বাহিনী ততাতয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। 

চকু আৰু ছালত খজুৱতিৰ অনুভৱ হোৱাৰ লগতে ছাত্ৰীসকলে উশাহ লোৱাত কষ্ট পোৱাত বিদ্যালয় কৰ্তৃপক্ষই ততালিকে তেওঁলোকক নিকটৱৰ্তী হস্পিতালত ভৰ্তি কৰোৱায়। 

দক্ষিণ-পূৱ দিল্লীৰ আৰক্ষী উপায়ুক্তই জনোৱামতে পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰাণাধীন হৈছে। সম্প্ৰতি বাট্ৰা হস্পিতাল, ইএছআই হস্পিতাল, মাঝিদিয়া হস্পিতাল আৰু এপলো হস্পিতালত চিকিৎসাধীন হৈ থকা ছাত্ৰীসকল সুস্থ অৱস্থাত আছে বুলি উপায়ুক্তগৰাকীয়ে জনাইছে। 

টোঘলকবাদ তেল ডিপোত ৰাসায়নিক গেছৰ লিকেজৰ ফলতে এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াই জনায়। দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনিষ চিচোড়িয়াই কেইজনমান ছাত্ৰীৰ সৈতে কথা পাতিছে বুলি জানিবপৰা গৈছে। হস্পিতালত ছাত্ৰীসকলক সাক্ষাত কৰিবলৈ আহিব বুলিও উপমুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰিছে।