ডিজিটেল ডেস্কঃ বিমুদ্ৰাকৰণ দেশৰ বাবে সাহসী পদক্ষেপ বুলি বিবেচিত হ’লেও এয়া কোনো কাৰণতে দেশখনৰ বাবে সুফলদায়ী পদক্ষেপ হিচাপে বিবেচিত হোৱা পৰা শত যোজন দুৰত্বত অৱস্থান কৰিছে এই বিমুদ্ৰাকৰণে।

কিয়নো ধাৰাবাহিকভাৱে ২০১৬-১৭ বিত্তীয় বৰ্ষৰ চতুৰ্থ কোৱাৰ্টাৰতো কোনোমতেই ওপৰলৈ উঠিব পৰা নাই  গড় জনমুৰি আয় চমুকৈ জিডিপিৰ গ্ৰাফ। বুধবাৰে ভাৰত চৰকাৰে এই তথ্য মুকলি কৰাৰ পিছতে সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে দেশৰ অৰ্থনীতি।  

মাৰ্চ মাহত শেষ হোৱা চতুৰ্থ কোৱাৰ্টাৰত জিডিপি লক্ষণীয়ভাৱে হ্ৰাস হৈ ৬.১ হোৱাটোৱে অৰ্থনীতিবিদসকলক চিন্তান্বিত কৰি তুলিছে।

তাৎপৰ্যজনকভাৱে প্ৰথমটো কোৱাৰ্টাৰত জিডিপিৰ গ্ৰাফ ৭.৯ লৈ উৰ্দ্ধগামী হোৱাৰ পিছতে ক্ৰমে হ্ৰাস পাবলৈ ধৰে এই হাৰ।

এই হাৰ চাৰিটা কোৱাৰ্টাৰত আছিল এনেধৰণৰঃ

  1. প্ৰথম কোৱাৰ্টাৰঃ ৭.৯ 
  2. দ্বিতীয় কোৱাৰ্টাৰঃ ৭.৫ 
  3. তৃতীয় কোৱাৰ্টাৰঃ ৭
  4. চতুৰ্থ কোৱাৰ্টাৰঃ ৬.১ 

এনেদৰে ২০১৬-১৭ বৰ্ষত গঢ় জনমুৰি আয় হয়গৈ ৭.১। 

পূৰ্বৰ বিত্তীয় বৰ্ষসমূহত এই হাৰ আছিল এনেধৰণৰঃ

  1. বিত্তীয় বৰ্ষ ২০১২-১৩ঃ ৫.৫
  2. বিত্তীয় বৰ্ষ ২০১৩-১৪ঃ ৬.৪  
  3. বিত্তীয় বৰ্ষ ২০১৪-১৫ঃ ৭.৫  
  4. বিত্তীয় বৰ্ষ ২০১৫-১৬ঃ ৮

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০১৬ বৰ্ষৰ ৮ নৱেম্বৰত গ্ৰহণ কৰা বিমুদ্ৰাকৰণৰ সিদ্ধান্তই দেশৰ অৰ্থনীতিত তোলপাৰ লগোৱাৰ পিছতে এই পদক্ষেপক লৈ ভিন্নমত দেখা গৈছিল অৰ্থনীতিবিদসকলৰ মাজত। 

বিমূদ্ৰাকৰণৰ ফলত নিৰ্মাণ খণ্ড আৰু বিত্তীয় সেৱা খণ্ডৰ ওপৰত পৰা বিৰূপ প্ৰভাৱৰ বাবেই এনেদৰে জিডিপি হ্ৰাস হোৱা বুলি জানিবপৰা গৈছে। অহা সপ্তাহত মূদ্ৰানিধি সংক্ৰান্ত বৈঠকৰ আয়োজন কৰা আৰবিআইৰ ওপৰত এই ফলাফলৰ হেঁচা পৰিব বুলি অনুমান কৰা হৈছে। 

একেদৰে গ্ৰছ ভেল্যু এডেড চমুকৈ জিভিএৰ ক্ষেত্ৰটো গ্ৰাফ ৭.৬ ৰপৰা অৱনমিত হৈ ৫.৬ হোৱা বুলি কেন্দ্ৰীয় পৰিসংখ্যা বিভাগে সদৰী কৰা তথ্যযোগে প্ৰকাশ পাইছে। 

চৰকাৰে গ্ৰহণ কৰা বিমুদ্ৰাককৰণৰ স্পষ্ট প্ৰভাৱ দেখা গৈছে অসংগঠিত ক্ষেত্ৰত। একেদৰে শ্ৰমিক নিয়োজিত হৈ থকা অসংগঠিত খণ্ডৰ নিৰ্মাণ খণ্ডৰ ওপৰতো স্পষ্ট প্ৰভাৱ পৰিলক্ষিত হৈছিল বিমুদ্ৰাকৰণৰ। 

বিত্তীয় বৰ্ষৰ ইতিমধ্যে অৱনমিত হোৱা গ্ৰাফত বিমুদ্ৰাকৰণে অধিক অৰিহণা যোগোৱা বুলি ৰেটিং কোম্পানী আইচিআৰএ-ৰ অৰ্থনীতি বিশেষজ্ঞ এগৰাকীয়ে মত প্ৰকাশ কৰে। 

উল্লেখ্য যে নিৰ্মাণ খণ্ডক মাধমাৰ শোধোৱা বিমুদ্ৰাকৰণৰ ফলত খণ্ডটোৰ শোচনীয় অৱস্থা পৰিলক্ষিত হৈছে। এই খণ্ডত হাৰ পূৰ্বৰ ৩.৭ ৰপৰা অৱনমিত হৈ ৪ৰ্থ কোৱাৰ্টাৰত ৩.৪ হৈছে।