ডিজিটেল ডেস্কঃ কোৱা হয় আইন সকলোৰ বাবে সমান৷ আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে কোনেও৷ এই কথাষাৰ সত্য প্ৰমাণিত হ’ল আকৌ এবাৰ৷

বাবৰি মছজিদ ধ্বংস গোচৰত আজি চিবিআইৰ বিশেষ আদালতে অভিযুক্ত কৰিলে বিজেপি দলৰ জেষ্ঠ নেতা লাল কৃষ্ণ আদৱানিক৷ আদৱানি সহিতে প্ৰাক্তন কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী মুৰলি মনোহৰ যোশী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতীৰ লগতে মুঠ ১২ গৰাকী লোকক ষড়যন্ত্ৰ ৰচনা কৰাৰ গোচৰত অভিযুক্ত কৰিছে চিবিআইৰ বিশেষ আদালতে৷

এই সকল অভিযুক্তৰ বিৰুদ্ধে বাবৰি মছজিদ ধ্বংসৰ পৰিকল্পনা, ২ টা ধৰ্মৰ লোকৰ মাজত সংঘৰ্ষৰ সৃষ্টি কৰা, ধৰ্মীয় অনুভূতিত আঘাত, দেশৰ একতাত আঘাত হনা- এইকেইটা অভিযোগৰ আধাৰত গোচৰ উত্থাপিত হৈছে৷ উল্লেখ্য যে বাবৰি মছজিদ ধ্বংসৰ পৰিকল্পনা কৰাৰ বাবে এই গোচৰৰ বিচাৰ আদৱানি আৰু মুৰলী মনোহৰ যোশীৰ বিৰুদ্ধে লক্ষ্নৌত চিবিআইৰ বিশেষ আদালতত হ’ব বুলি ঘোষণা কৰিছিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে৷

তদুপৰি উক্ত গোচৰৰ বিচাৰ ২বছৰৰ ভিতৰত সমাপ্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে বিশেষ আদালতক নিৰ্দেশ দিয়ে৷ অভিযুক্ত আটাইকেইগৰাকীয়ে গাইপতি ৫০হাজাৰ টকাৰ বিনিময়ত চিবিআইৰ বিশেষ আদালতৰ পৰা জামিন লাভ কৰে৷