ডিজিটেল ডেস্কঃ দেশত প্ৰায় সংখ্যাক মানুহৰে আছে ৰন্ধন গেছ৷ কিন্তু ৰন্ধন গেছ ব্যৱহাৰ কৰা লোকসকলে বহু কথাই অৱগত নহয়।

যদি এজেন্সিয়ে ঘৰে ঘৰে ৰন্ধন গেছৰ যোগান ধৰে তেতিয়া গ্ৰাহকে, চিলিণ্ডাৰ যোগান ধৰোতাৰ নামত টকৰা দিব লগা হয়। কেতিয়াবা কেতিয়াবা দিব লাগে প্ৰয়োজনতকৈ অধিক টকা৷ কোনো কোনো গ্ৰাহকে চিলিণ্ডাৰ আনিবলৈ যায় বিক্ৰী কেন্দ্ৰলৈ৷

কিন্তু আপুনি হয়তো নাজানে যে আপুনি নিজে চিলিণ্ডাৰ অনাৰ বাবদ গেছ এজেন্সীৰ পৰা লাভ কৰে টকা৷ যি কোনো বিক্ৰী কেন্দ্ৰৰ পৰাই চিলিণ্ডাৰ নিজে গৈ অনাৰ বাবদ অপুনি পাব ১৯ টকা ৫০  পইচা লাভ কৰে৷ এই পইচা দিবলৈ কোনো এজেন্সীয়ে আপোনাক অমান্য কৰিব নোৱাৰিব৷

দেশৰ সকলো কোম্পানীৰ চিলিণ্ডাৰৰ ক্ষেত্ৰতেই এই নিয়ম প্ৰযোজ্য৷ প্ৰথমতে এই পৰিমান ১৫ টকা আছিল কিন্তু বৰ্তমানে ইয়াৰ পৰিমান বাঢ়ি হৈছে গৈ ১৯.৫০ টকা৷

উল্লেখ্য যে, যদি কোনোবাই এই পইচা দিবলৈ অমান্তি হয় তেন্তে টোল ফ্ৰী নম্বৰ ১৮০০২৩৩৩৫৫৫ ত অভিযোগ দিব পাৰিব৷ বৰ্তমানে গ্ৰাহকে বছৰেকত মুঠ ১২টা ৰাজসাহায্য যুক্ত চিলিণ্ডাৰ পায়৷