newsnextone.com | ডিজিটেল ডেস্কঃ ব্ৰাহ্মণ কন্যাক বিয়া কৰালে ৰাহুল গান্ধী হ’ব পাৰিব দেশৰ প্ৰধানমন্ত্ৰী৷ এই মন্তব্য প্ৰকাশ কৰিছে তেলেগু দশম পাৰ্টিৰ সাংসদ জে চি দিবাকৰ ৰেড্ডীয়ে৷

যোৱা ৪ জুলাইত এখন জন সভাত অংশ লৈ সাংসদ জে চি দিবাকৰ ৰেড্ডী কয় ‘‘মই যেতিয়া কংগ্ৰেছত আছিলোঁ তেতিয়া ছোনীয়া গান্ধীক পৰামৰ্শ দিছোলোঁ ৰাহুলক উত্তৰ প্ৰদেশৰ ব্ৰাহ্মণৰ সমৰ্থনৰ প্ৰয়োজন৷ ৰাহুলক কোনো ব্ৰাহ্মণ যুৱতীৰ সৈতে বিয়া পাতি দিয়ক৷ তেওঁ সমৰ্থন লাভ কৰিব৷ ব্ৰাহ্মণেই উত্তৰ প্ৰদেশত ৰাজত্ব কৰে৷’’

উল্লেখ্য যে ৰেড্ডী কংগ্ৰেছৰ পৰা ৬ বাৰ বিধায়ক নিৰ্বাচিত হৈছিল৷ কিন্তু ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে চিডিপিত যোগদান কৰি সাংসদ হয়৷