photo by Abu Lahel Baki, NNO Dhuburi
photo by Abu Lahel Baki, NNO Dhuburi

ধুবুৰীঃ ধুবুৰীত ব্ৰহ্মপুত্ৰৰ মাজত আজি সন্ধিয়া প্ৰায় ৬ বজাত সংঘটিত এক অঘটনত কথমপি ৰক্ষা পৰে এগৰাকী যুৱতী। প্ৰাপ্ত বাতৰি মতে অধিক যাত্ৰী কঢ়িয়াই নিয়া এখন লঞ্চেৰে ধুবুৰীৰ পৰা ফকিৰগঞ্জ অভিমুখে গৈ আছিল যুৱতীগৰাকী। 

কিছু দূৰ যোৱাৰ পিছতে বহন ক্ষমতাতকৈ অত্যাধিক যাত্ৰী কঢ়িয়াই নিয়া লঞ্চখনত হেঁচা-ঠেলা হোৱাত দুৰ্ভাগ্যৱশতঃ এগৰাকী যুৱতী ব্ৰহ্মপুত্ৰ পানী যুঁৱলিত পৰি যায়। লগে লগে স্থানীয় ৰাইজে যন্ত্ৰচালিত নাঁৱেৰে যুৱতীগৰাকীক উদ্ধাৰ কৰি ফকিৰগঞ্জ মিনি চিকিৎসালয়ত ভৰ্তি কৰায়।

এনেদৰে পানীত পৰি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা যুৱতীগৰাকীক ফকিৰগঞ্জ নস্কৰা গাঁৱৰ ৰৌচনাৰা বেগম বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে লঞ্চখনে বিয়লি ৩মান বজাত ধুবুৰীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। ইফালে আজি সংঘটিত এই ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰিছে ধুবুৰী জিলাৰ একাধিক দল-সংগঠনে। মেদৰটাৰীৰ নাঁও দুৰ্ঘটনাৰ পিছতো প্ৰশাসনে কোনো শিকনি লাভ নকৰিলে বুলিও অভিযোগ কৰে দল-সংগঠনসমূহে।

এই সন্দৰ্ভত ধুবুৰী আছুৰ নেতা শ্বৰিফুল ইছলামে কয় যে বহন ক্ষমতাতকৈয়ো অধিক যাত্ৰী কঢ়িয়াই অহাতো অতিশয় দুৰ্ভাগ্যজনক। তেওঁ ইয়াৰ সৈতে জড়িতসকলৰ লগতে যাত্ৰীসকলকো এই ক্ষেত্ৰত সচেতন হ'বলৈ আহ্বান জনায়। অন্যাথাই জিলাখনত পুনৰ মেদৰটাৰী সদৃশ দুৰ্ঘটনা সংঘটিত হোৱাৰো আশংকা প্ৰকাশ কৰে আছু নেতাজনে।