newsnextone.com | গুৱাহাটীঃ ছাত্ৰীয়ে আকৌ এবাৰ আধিপত্য বিস্তাৰ কৰিলে৷ বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত অসমৰ মেধা ছাত্ৰীয়ে ছাত্ৰক পিছ পেলাই৷ 

নাৰী নিৰ্যাতন, ধৰ্ষণৰ বাতৰিয়ে বিভিন্ন সময়ত ৰাজ্য তোলপাৰ লগালেও পুনৰ মহিমামণ্ডিত হৈ পৰিল নাৰী শক্তি। বৃহস্পতিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ ফলাফলত পিছ পৰি ৰ’ল ছাত্ৰ সমাজ। শীৰ্ষত্বৰ যুঁজত নাৰী শক্তিৰ সমুখত তেনেই নিষ্প্ৰভ হৈ পৰে পঢ়া-শুনাত মতি-গতি ভাল নহয় বুলি বদনাম থকা ছাত্ৰসকল।

এইবাৰ কলা শাখাত প্ৰথম দহটা স্থান লাভ কৰে মুঠ ১৩গৰাকী শিক্ষাৰ্থীয়ে। ইয়াৰে ৭গৰাকী ছাত্ৰী। ছাত্ৰীৰ সৈতে কোনোমতে ফেৰ মাৰিবলৈ সক্ষম হ’ল ছাত্ৰীসমাজ৷ 

কলাশাখাত মুঠ ৭গৰাকী ছাত্ৰীয়ে শীৰ্ষৰ দহৰ ভিতৰত স্থান দখল কৰে৷ বাণিজ্য শাখাত ১০গৰাকী ছাত্ৰীয়ে শীৰ্ষৰ স্থান দখল কৰে৷ আনহাতে বিজ্ঞান শাখাতো ছাত্ৰীয়ে আধিপত্য বিস্তাৰ কৰে৷ বিজ্ঞান শাখাত ৭গৰাকী ছাত্ৰীয়ে শীৰ্ষ দহটা স্থানত স্থান লাভ কৰে৷

মুঠৰ ওপৰত ছাত্ৰীয়ে আধিপত্য বিস্তাৰ কৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত৷ যোৱা কেইবাটাও বছৰৰ দৰে পুনৰ ছাত্ৰীয়ে কলা বাণিজ্য আৰু বিজ্ঞান শাখাত ৰেকৰ্ড গঢ়ি শীৰ্ষ দহ স্থানত বেছিকৈ স্থান দখল কৰিবলৈ সক্ষম হয়৷