গুৱাহাটীঃ এক নতুন ইতিহাসৰ সাক্ষী হৈ ৰব ৰাজ্যবাসী৷ ৰাজ্য চৰকাৰে ইতিহাস সৃষ্টি কৰি বিশ্বৰ বিভিন্ন দেশৰ বিনিয়োগকাৰীক ৰাজ্যখনৰ ৰাজধানী গুৱাহাটী মহানগৰীলৈ আমন্ত্ৰণ কৰি অনুষ্ঠিত কৰিব Advantage Assamৰ Global Investor Summit৷ বিশ্বৰ বিভিন্ন দেশৰ বিনিয়োগকাৰী তথা উদ্যোগপতিক আমন্ত্ৰণ কৰিছে ৰাজ্য চৰকাৰে৷ অসম মন্ত্ৰী সভাৰ কেইবাগৰাকী জ্যেষ্ঠ মন্ত্ৰীয়ে ইতিমধ্যে বিশ্বৰ কেইবাখনো আগশাৰীৰ দেশ ভ্ৰমণ কৰি দেশ সমূহৰ বিনিয়োগকাৰীক অসমলৈ আহি বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনাই আহিছে৷

বিনিয়োগকাৰীসকলেও অসমলৈ আহিবলৈ আগ্ৰহী বুলি কোৱাৰ কথা মন্ত্ৰীসকলে প্ৰকাশ কৰিছিল৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰীসকলে বিদেশ ভ্ৰমণ কৰি অহাৰ পিছতে মুখ্যমন্ত্ৰীয়ে সাজু হয় Global Investor Summitৰ বাবে৷ তাৰ পিছৰে পৰা ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া Advantage Assamৰ প্ৰস্তুতি অব্যাহত আছে৷ ৩ আৰু ৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া Advantage Assamশীৰ্ষক Global Investor Summit মহানগৰীৰ সৰুসজাই ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷

ইতিমধ্যে গুৱাহাটী মহানগৰক সাজি-কাচি তুলিছে ৰাজ্যৰ প্ৰশাসনে৷ সু-সজ্জিত কৰি তোলা মহানগৰীত দেশ-বিদেশৰ বিনিয়োগকাৰীসকলৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশ গ্ৰহণ কৰিব৷ ৰাজ্যৰ উদ্যোগ খণ্ডক নতুন গতি দিবলৈ সৰ্বানন্দ সোণোৱালে সংকল্প গ্ৰহণ কৰি সকলোকে অসমলৈ আহি বিনিয়োগ কৰিবলা আহ্বান জনাইছে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অসমৰ উদ্যোগ, বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে Advantage Assamৰ Global Investor Summit অনুষ্ঠিত কৰাৰ বাবে ৰাইজ, সংবাদ মাধ্যম তথা জাতীয় সংগঠনৰ সহায়ৰ অাহ্বান জনায়৷

সকলোৱে একহৈ উদ্যোগৰ বাতাবৰণ সলনি কৰিব লাগিব বুলি কয়৷ আনহাতে জিএমডিৰ লগতে গড়কাপ্তানী বিভাগকো দলং, স্মাৰক শৌধ তথা গুৱাহাটীৰ প্ৰধান পথসমূহ আলোক সজ্জাৰে সু-সজ্জিত কৰিবলৈ নিৰ্দেশ দিয়ে খোদ মুখ্যমন্ত্ৰীয়ে৷ মুঠৰ ওপৰত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া সমাৰোহক লৈ ৰাজ্যৰ প্ৰশাসন খুবেই ব্যস্ত হৈ পৰিছে৷ মাজত মাথো ৫ টা দিন বাকী Advantage Assamৰ বাবে৷ কিন্তু Advantage Assamৰ Global Investor Summit যুগমীয়া হৈ ৰব অসমবাসীৰ বাবে৷