internet

newsnextone.com | ডিজিটেল ডেস্কঃ গুজৰাট উচ্চ ন্যায়ালয়ৰ বিশেষ খণ্ড বিচাৰপীঠে ২০০২ চনৰ গোধৰা সংঘৰ্ষত ওড গণহত্যাৰ অভিযোগত অভিযুক্ত ৩ গৰাকী লোকক নিৰ্দোষী ৰায় দিয়াৰ বিপৰীতে ১৯ গৰাকী অভিযুক্তক দোষী সাব্যস্ত কৰে৷ ঘটনাৰ সতে অভিযুক্ত ৪৭ জনৰ ২৩ জনকে নিৰ্দোষ প্ৰমাণিত কৰাৰ নিৰ্দেশ প্ৰদান কৰে আদালতে৷

২০১২ চনত এটি বিশেষ ট্ৰায়েল আদালতে ঘটনা সন্দৰ্ভত ২৩ জনক দোষী সাব্যস্ত কৰিছিল৷ তাৰ ভিতৰত ১৮ জনক যাবজ্জীৱন কাৰাদণ্ড প্ৰদান কৰাৰ লগতে ৫ জনক সাত বছৰৰ কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰা হয়৷ ন্যায়াধীশ আকিল কুৰেশ্বি আৰু বি এন কৰিয়াৰ এক বিচাৰপীঠে যোৱা মাহত এই ৰায় ঘোষণা কৰে৷ 

আদালতৰ এই সিদ্ধান্তৰ পিছতে আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনায় অভিযুক্তসকলে৷ ঘটনাত সাঙোৰ খাই পৰা নিৰ্দোষীসকলৰ প্ৰত্যাহ্বান আৰু ৫ বছৰীয়া কাৰাদণ্ডৰ মাজৰ ৫ জন অভিযুক্তৰ পুনৰ বিচাৰৰ দাবীত ঘটনাৰ তদন্ত এছআইটিলৈ হস্তান্তৰিত কৰা হয়৷ এছআইটিয়ে হত্যাৰ অভিযোগত দোষী সাব্যস্ত হোৱা সকলো অভিযুক্তকে মৃত্যুদণ্ড প্ৰদান কৰাৰ বাবে নিৰ্দেশ দিয়ে৷

উল্লেখ্য যে, ২০০২ চনৰ ১ মাৰ্চত গোধৰা ট্ৰেইন হত্যাকাণ্ডৰ দুদিন পিছতে কেন্দ্ৰীয় গুজৰাটৰ আনন্দ জিলাত ২৩ গৰাকী মুছলিম সম্প্ৰদায়ৰ লোকক জ্বলাই দিয়া হৈছিল৷ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত এছআইটিক অৰ্পণ কৰা এই কাণ্ড দেশৰ সৰ্ববৃহৎ কাণ্ডসমূহৰ ভিতৰত নৱম আছিল৷ ২০১২ চনত এছআইটিয়ে ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ৪৭ গৰাকী  লোকক আটক কৰে৷ পিছত ২৩ জনক দোষী সাব্যস্ত কৰে৷ ইয়াৰ ভিতৰত পেণ্ডেচীৰ ভিতৰতে এজন অভিযুক্তৰ মৃত্যু ঘটে৷