newsnextone.com | কাজিৰঙাঃ বান পীড়িতক সাহায্য প্ৰদানত বিফল হৈছে ৰাজ্য চৰকাৰ। ইমানে নহয় বানৰ কৱলত পৰি হাহাকাৰ কৰি থকা লোকৰ খবৰ লবলৈ আহৰি নাই ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী মন্ত্ৰীসকলৰ। পৰিৱৰ্তনৰ নামত বৰ বৰ কথা কোৱা চৰকাৰৰ লোকসকলে যোৱা ৫টা দিন ধৰি ককবকাই থকা গোলাঘাট জিলাৰ কেইবা হাজাৰ লোকক এবাৰ খবৰ লবলৈ আহৰি নাপালে। 

কিন্তু এগৰাকী বিষয়াৰ বিৰুদ্ধ গোচৰ ৰুজু কৰাৰ নাটক ৰচনা কৰি ৰাইজক সহায় কৰাৰ বিপৰীতে বান পানীৰ কৱলত পৰা লোকৰ ওচৰৰ পৰা পলায়নৰ চেষ্টা কৰিছে শাসকীয় বিজেপি দলে। দৈয়াং নীপকোৰ প্ৰকল্প সঞ্চালক প্ৰিয়ব্ৰত দাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে বিজেপি বিধায়ক মৃণাল শইকীয়াই। গোচৰৰ ভিত্তিতে নীপকোৰ প্ৰকল্প সঞ্চালক প্ৰিয়ব্ৰত দাসক সোধ-পোছৰ বাবে গোলাঘাট আৰক্ষীয়ে আটকো কৰে। 

কিন্তু বিজেপি চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱাৰ বাবেই এতিয়া গোচৰ তৰি দায়িত্বৰ পালনৰ পৰা পলায়ন কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। পানী এৰাৰ পূৰ্বেই নীপকোক সতৰ্ক কৰাৰ প্ৰয়োজন আছিল। কিন্তু নিজ দলৰ চৰকাৰ থকাৰ পিছতো বিষয়াই কেনেকৈ নীপকোৰ গেটেৰে পানী এৰিবলৈ সাহস কৰিলে সেয়াহে প্ৰকৃত প্ৰশ্ন? নে বিষয়াই ৰাজ্য চৰকাৰৰ মন্ত্ৰী, উচ্চপদস্থ বিষয়াক কেৰেপ নকৰি যি ইচ্ছা তাকেই কৰে। চৰকাৰৰ নিয়ন্ত্ৰণ নাই নাই নেকি বিষয়াৰ ওপৰত।

বান পানীৰ কৱলত পৰি ককবকাই থকা লোকক এটুপি বিশুদ্ধ খোৱাপানী যোগান ধৰিব নোৱাৰা শাসকীয় দলৰ বিধায়কে গোচৰ তৰি ৰাইজৰ বাঃবাঃ লোৱাৰ প্ৰথাই বানৰ কৱলত পৰা লোকক উদ্ধাৰ কৰিব নোৱাৰে সেয়া খাতাং। বৰ বৰ কথা কৈ দিছপুৰ দখল কৰা বিজেপি দলে প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰি গোচৰ ৰুজু কৰাৰ নাটক কৰি আত্মসমৰ্পণহে কৰিছে বুলি কয় একাংশ লোকে। তাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈ বান সাহায্য দিয়াৰহে দাবী জনাই বিধায়কগৰাকীক। 

নীপকোৱে এৰি দিয়া পানীয়ে যোৱা ৫টা দিনেই গোলাঘাট জিলাত নুমলীগড়কে ধৰি বিভিন্ন প্ৰান্তত মহা প্ৰলয়ৰ সৃষ্টি কৰে। দুজনকৈ লোকৰ মৃত্য হৈছে। নিশাৰ ভিতৰতে শ-শ লোক গৃহহীন হৈ পৰে। বিশুদ্ধ খোৱাপানী, খাদ্য, বস্ত্ৰ, অন্ন, মহিলাৰ প্ৰয়োজনীয় সামগ্ৰী, শিশুৰ আহাৰ, পোহনীয়া জন্তুৰ খাদ্য যোগান ধৰাত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাজ্যৰ দল-সংগঠনসমূহ জাঙুৰ খাই উঠিছে৷

ৰাজপথলৈ লোক ওলাই আহি সাহায্য দিয়াৰ দাবীত প্ৰতিবাদ নকৰিলে হয়তো সাহায্য লাভ নকৰিব৷ গোলাগাট জিলাৰ দল-সংগঠন তথা স্বেচ্ছাসেৱী অনুষ্ঠানে বান সাহায্য বানাক্ৰান্তৰ মাজত বিতৰণ কৰি সকাহ দিছে৷ মন্ত্ৰী-বিধায়কৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এতিয়ালৈ গোলাঘাট জিলালৈ যাবৰ বাবে নিৰ্দেশ দিয়া নায়।

প্ৰতিবছৰৰ দৰেই এইবেলিও নীপকোৱে এৰি দিয়া পানীয়ে গোলাঘাট জিলাৰ হাজাৰ হাজাৰ লোকে ঘৰ-দুৱাৰ হেৰুৱাই নিঠৰুৱা হৈছে৷ দৈয়াং নীপকো প্ৰকল্পই এৰি দিয়া পানীয়ে ক্ষতি কৰা লোকসকলে এতিয়া হাহাকাৰ কৰি সময় পাৰ কৰিব লগা হৈছে। শিবিৰত হাহাকাৰ কৰিব লগা হৈছে এসাজ ভাতৰ বাবে। চৰকাৰ তথা প্ৰশাসনে যেনেদৰে সাহায্য প্ৰদান কৰিব লাগিছিল তেনেদৰে সাহায্য প্ৰদান কৰা দেখা নগ'ল। নীপকোৰ পানীয়ে ধনশিৰি নৈৰ জলস্তৰ বৃদ্ধি কৰিছে। গোলাঘাট জিলাৰ নুমলীগড়ৰ বহু গাঁও এতিয়াও পানীৰ তলত। বছাপাথাৰ, তৰুণ নগৰ, মিঠাআম চাপৰি, দুখটিমুখ, বৰগৰীয়া, ধুদাং, বৰপাক আদি গাঁও বানৰ পানীৰ ডুব যোৱাৰ ফলত ওখ ঠাইৰ অভাৱত হাহাকাৰ কৰিব লগা হৈছে।