কোকৰাঝাৰঃ কোকৰাঝাৰ-বিটিএডিৰ পৰা আছুৰ সমিতিত বড়ো ছাত্ৰ-ছাত্ৰী প্ৰায় নাই। আছুক জোৰদাৰ কৰিব লাগিব, মই বড়ো ছাত্ৰ-ছাত্ৰীক আছুত যোগদান কৰিবলৈ দিম। এই মন্তব্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ। আছুৰ উদ্যোগত কোকৰাঝাৰৰ বালাজান তিনালীৰ গৌৰাং হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা নাছিৰ হুছেইন স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে নিশা সামৰণি অনুষ্ঠানত উপস্থিত থাকি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এই মন্তব্য প্ৰকাশ কৰে।

বড়ো ছাত্ৰ-ছাত্ৰীসকলক আছুত যোগদান কৰাৰ বাবে আহ্বান জনাই বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এই ক্ষেত্ৰত তেওঁ নিজে প্ৰচাৰ কৰিব বুলি সভাত সদৰী কৰে৷ অহা ১০ ফেব্ৰুৱাৰীত কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া বড়োলেণ্ড দিৱসৰ দিনাও তেওঁ সকলোকে এই আহ্বান জনাব বুলি উল্লেখ কৰি বড়ো ছাত্ৰ-ছাত্ৰীসকলক আছুত যোগদানৰ সুবিধা প্ৰদান কৰিবলৈ আছুৰ নেতৃবৃন্দক অনুৰোধ জনায়।

শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ তথা ভুল বুজাবুজি আঁতৰ কৰিবলৈ আৰু আছুক জোৰদাৰ কৰিবলৈকে বড়ো ছাত্ৰ ছাত্ৰীসকল আছুত যোগদানৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰি এইক্ষেত্ৰত তেওঁ নিজেই ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিব বুলি মন্তব্য কৰে৷ সভাত উপস্থিত থকা এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীয়ে মহিলাৰীৰ ভাষণৰ পিছতে বক্তব্য ৰাখি আছুৰে এবছুৰ সম্পৰ্ক অটুট থাকিব বুলি কয়৷

সভাত আছুৰ সভাপতি আৰু সাধাৰণ সম্পাদক দীপাংক নাথ আৰু লুৰিনজ্যোতি গগৈয়ে চৰকাৰক ক্ৰীড়া নীতি প্ৰস্তুত কৰিবলৈ আহ্বান  জনায়৷ ইপিনে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসমত এখন ক্ৰীড়া বিশ্ববিদ্যালয় আৰু কোকৰাঝাৰত এখন ক্ৰীড়া মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।

আছুৰ সহ-সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়ে আঁতধৰা অনুষ্ঠানত নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথ, বিশিষ্ট ক্ৰীড়া সংগঠক চিমছন মুছাহাৰী, গৌৰাং হাইস্কুলৰ অধ্যক্ষ যুগল ব্ৰহ্ম, আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মন, বড়োলেণ্ড ছাত্ৰ সন্থাৰ সৌমদৌন বসুমতাৰী, বেচি মেমোৰিয়েল ইংৰাজী বিদ্যালয়ৰ অধ্যক্ষ গিলবাৰ্ট বৰগয়াৰীকে ধৰি বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে যোৱা ৮ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰৰ বালাজান তিনালীৰ গৌৰাং হাইস্কুলৰ খেলপথাৰত আৰম্ভ হোৱা আছুৰ নাছিৰ হুছেইন আন্তঃজিলা স্বৰ্ণ কাপ ভলীবল প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে নিশা অন্ত পৰে৷ বৰপেটা দলে গোৱালপাৰা দলক ৩-১ ছেটৰ ব্যৱধানত পৰাজিত কৰি বিজয়ীৰ খিতাপ অৰ্জন কৰে। আনহাতে অনুষ্ঠানতে প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ ছাজেন বসুমতৰীকো আছুৱে সম্বৰ্ধনা জ্ঞাপন কৰে৷