কলকাতাঃ ১৪ নৱেম্বৰ। দিনটো সকলোৰে বাবে পৰিচিত। কাৰণ এই দিনটো সমগ্ৰ দেশতে পালন কৰা হয় শিশু দিৱস হিচাপে। পিছে এই দিনটোৱে বংগৰ কাৰণে বিশেষ তাৎপৰ্য বহন কৰিছে।

কেইবছৰমানৰ আগৰ কথা। আইনী যুঁজখন লাগিছিল বংগ আৰু ওড়িষাৰ মাজত, সকলোৰে প্ৰিয় ৰসগোল্লক লৈ। ৰলগোল্লাৰ প্ৰথম প্ৰস্তুতকাৰী কোন? বংগ নে ওড়িষা? সেই আইনী যুঁজত জয়ী হৈছিল বংগ, দিনটো আছিল যোৱা বছৰৰ ১৪ নৱেম্বৰ।

ৰসগোল্লাই পশ্চিমবংগৰ ভৌগোলিক সংকেত বা চৰ্ত লাভ কৰা এই দিনটো সেয়ে ৰাজ্য চৰকাৰখনে ’ৰসগোল্লা দিৱস’ হিচাপে আযোজন কৰিবলৈ স্থিৰ কৰিছে।
 
সেই অনুসৰি বিভিন্ন ধৰণৰ ৰসগোল্লা অহা ১৪ নবেম্বৰত প্ৰদৰ্শিত হ’ব কলিকতাৰ মিস্টি হাব স্টলত। ৰাজ্যখনৰ প্ৰসিদ্ধ মিঠাইবিধে বংগৰ ৰসগোল্লা হিচাপে স্বীকৃতি পোৱাৰ প্ৰথম বাৰ্ষিকী এনেদৰেই উদযাপন কৰা হ’ব।

বিষয়টোৰ লগত সংগতি ৰাখি ৰসগোল্লাৰ বুৰঞ্জী শীৰ্ষক এক আলোচনা-চক্ৰও আযোজন কৰা হ’ব বুলি জনাইছে পশ্চিমবংগ চৰকাৰে।