তেজপুৰঃ ঐতিহ্যমণ্ডিত তেজপুৰ বিশ্ববিদ্যালয়ে এছিয়াৰ ১০০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হয়৷ এছিয়া ৰেংকিঙত ২০১৭ বৰ্ষত ১৩১-১৪০ স্থানৰ পৰা ১০০ স্থানলৈ উন্নীত হয় বিশ্ববিদ্যালয় খন৷ উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান খনে এই তথ্য বৃহস্পতিবাৰে ৰাজহুৱা কৰে৷

‘Times Higher Education’ত ৭নং স্থান লাভ কৰাৰ লগতে ‘higher educational institution’ত ২৯ নং স্থান লাভ কৰে এছিয়াৰ ভিতৰত৷ আনহাতে দেশৰ ভিতৰত প্ৰথম স্থান দখল কৰে বাংগালুৰুৰ the Indian Institute of Science-এ৷ যোৱা বৰ্ষৰ ১৩টা বিষয়ৰ পাৰদৰ্শিতাৰ ভিত্তিত যোৱা মঙলবাৰে ঘোষণা কৰা হয় ৰেংকিঙৰ তালিকা৷

তৃতীয় বছৰৰ বাবে এছিয়াৰ শীৰ্ষত স্থান লাভ কৰে National University of Singapore-এ৷ তেজপুৰ বিশ্ববিদ্যালয়ে দেশৰ শিক্ষানুষ্ঠান সমূহৰ ভিতৰত প্ৰথম স্থান দখল কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনে।

এছিয়া মহাদেশৰ শীর্ষ বিশ্ববিদ্যালয়সমূহৰ শিক্ষণ ব্যৱস্থা, গৱেষণা আৰু জ্ঞান হস্তান্তৰ আদিকে ধৰি ১৩টা বিষয়ত  প্ৰতি বছৰে টাইম হায়াৰ এডুকেশ্যন এছিয়াৰ বিশ্ববিদ্যালয়ৰ স্থান প্ৰস্তুত কৰে। চলিত বৰ্ষত এছিয়া মহাদেশৰ ২৫খন দেশৰ ৩৫০খন বিশ্ববিদ্যালয়ৰ মাজত তেজপুৰ বিশ্ববিদ্যালয়ে ১০০সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হোৱাত ৰাজ্য খনৰ জনসাধৰণক আনন্দিত কৰিছে৷