ফটো সৌজন্যঃ ইণ্টাৰনেট
ফটো সৌজন্যঃ ইণ্টাৰনেট

ডিজিটেল ডেস্কঃ পণ্য আৰু সেৱা কৰ চমুকৈ জিএছটিক লৈ হোৱা পৰিষদীয় বৈঠকৰ দ্বিতীয় দিনটোত সেৱাৰ ওপৰত কৰৰ হাৰ নিৰ্ধাৰণ কৰা হয়৷

বিত্তমন্ত্ৰী অৰুণ জেটলীৰ কয় যে শিক্ষা আৰু স্বাস্থ্যসেৱাক এই কৰৰ আওতাৰপৰা বাহিৰত ৰখা হৈছে৷ বিত্তীয় সেৱাত আৰু টেলিকম সেৱাৰ ক্ষেত্ৰত ১৮ শতাংশ কৰ নিৰ্ধাৰণ কৰা হৈছে৷

বিলাসী হোটেলৰ ক্ষেত্ৰত বৈঠকৰ প্ৰথমটো দিনত লোৱা ২৮ শতাংশৰ সিদ্ধান্তত স্থিৰ থকা জেটলীয়ে বিলাসী সেৱা যেনে পঞ্চতাৰকাযুক্ত হোটেল আদিৰ ক্ষেত্ৰটো একে হাৰতে কৰ বহুৱাইছে৷

১ জুলাইত কাৰ্যকৰী কৰিবপৰাকৈ সময়সীমা নিৰ্ধাৰণ কৰি ৰখা কেন্দ্ৰ চৰকাৰে দুদিন ধৰি শ্ৰীনগৰত বৈঠকত মিলিত হৈছে৷ এতিয়ালৈ ১,২১১ টা সামগ্ৰীৰ ৬ টাৰ বাদে বাকীবোৰৰ ক্ষেত্ৰত এই কৰৰ হাৰ নিৰ্ধাৰণৰ সিদ্ধান্ত লোৱা হৈছে৷

পণ্যৰ দৰে সেৱাৰ ক্ষেত্ৰটো কৰৰ চাৰিটাকৈ গ্ৰুপ বা শ্লেব নিৰ্ধাৰণ কৰা হৈছেঃ ৫%, ১২%, ১৮% আৰু ২৮%৷ অৱশ্যে কেতবোৰ আয়ৰ ক্ষেত্ৰত ১২% আৰু ১৮% ৰ দুটা শ্লেবহে ধৰা হৈছে৷

হোটেলৰ টেৰিফৰ ক্ষেত্ৰত ৫০০০ ৰ ওপৰৰ টেৰিফৰ ওপৰত পোনপটীয়াকৈ ২৮% কৰ বহুওৱা হৈছে৷ সোণ আৰু বিড়ি-চিগাৰেটৰ ক্ষেত্ৰত কৰ নিৰ্ধাৰণৰ বিষয়টো ৩ জুনলৈ পিছুৱাই দিয়া হৈছে বুলি জানিবপৰা গৈছে৷

বাকী থকা পণ্য আৰু সেৱাৰ ক্ষেত্ৰত কৰ নিৰ্ধাৰণো সেইদিনাই কৰা হ’ব বুলি জানিবপৰা গৈছে৷ উল্লেখ্য যে জিএছটিৰ কৰৰ আওতাৰ পৰা দৈনন্দিন অত্যাৱশ্যকীয় সামগ্ৰী যেনে সতেজ মাছ-মাংস, কুকুৰাৰ মাংস, দৈ, প্ৰাকৃতিক মৌ, সতেজ ফল, শাক-পাচলি, ময়দা, ব্ৰেড আদি ৰেহাই দিয়া হৈছে৷