ডিজিটেল ডেস্কঃ পাঁচবছৰো বয়স হোৱা নাই ল’ৰাজনৰ৷ কিন্তু ২১০ খন দেশৰ নাম সলসলীয়াকৈ গাই দিব পাৰে এই শিশুটোৱে৷ তাৰ লগতে কৈ দিব পাৰে প্ৰতিখন দেশৰে ভৌগোলিক অৱয়ব তথা ৰাষ্ট্ৰীয় পতাকাৰ ৰং৷ অভিষিক্ত কুমাৰ গুপ্তা নামৰ এই শিশুটোৰ মগজুৰ ক্ষমতাৰ ৰহস্য উদ্ধাৰ কৰিব নোৱাৰি বিশেষজ্ঞই নাম দিছে ‘গুগল বালক’৷

খেতিয়কৰ সন্তান কুমাৰে হাইস্কুল পৰ্যায়ত পঢ়িবলগা পৰ্যাবৃত্ত তালিকাখন মাতিব পৰাই নহয়, প্ৰতিটো মৌলৰে বাখ্যা আগবঢ়াব পাৰে৷ তাৰোপৰি বিশ্বৰ বিতৰ্কিত ব্যক্তিৰ তালিকাও সলসলীয়াকৈ মাতিব পাৰে এইজন বিষ্ময় বালকে৷ এই বালকেই কিতাপৰ কথা গোগ্ৰাসে গিলিব পাৰে৷

এখন পঢ়া হ’লেই আন এখন কিতাপ বিচাৰে অভিষিক্তই৷ কিন্তু খেতিয়ক পিতৃয়ে গোটাই দিবপৰা নাই পৰ্যাপ্ত কিতাপ৷ কিতাপ যোগান ধৰাৰ বাবে অৱশেষত ৰান্সীৰ ৰাজ্যিক শিক্ষা বিভাগলৈ লৈ যায়৷ তাতেই সকলো হতবাক হৈ পৰে অভিষিক্তৰ স্মৃতিশক্তি দেখি৷ লগে লগে দিল্লী পাব্লিক স্কুলত নামভৰ্তি কৰাই দিয়াৰ প্ৰস্তাৱ দিয়ে কৰ্তৃপক্ষই৷

মঙলবাৰে নামভৰ্তি হৈ যোৱাৰ পিছত খেতিয়কৰ পৰিয়ালটো ৰান্সীলৈ স্থানান্তৰ কৰে৷ এনেকুৱা অভূতপূৰ্ব স্মৃতিশক্তিৰ ছাত্ৰ আগতে কাহানিও দেখা নাই বুলি আশ্চৰ্য ব্যক্ত কৰে ডিপিএচৰ প্ৰধান কাৰ্যবাহী জয়া প্ৰসাদে৷