newsnextone.com | ৰঙিয়াঃ গোপীনাথ বৰদলৈক প্ৰকৃত শ্ৰদ্ধাঞ্জলী জনাবলৈ হলে আমি প্ৰথমে তেওঁৰ জ্ঞানৰ গভীৰতা কিমান সেই কথা ভালদৰে বুজিব লাগিব। প্ৰয়াত মহান লোকগৰাকীয়ে সেই সময়তে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ লগত তুলনা কৰি যি ধৰণে কৈছিল বিজ্ঞান আৰু প্ৰযুক্তিৰ দিনত মানুহ মানুহৈ নাথাকিৱ সকলোৱে নিজৰ ব্যক্তিগত চিন্তাহে কৰিব।

সেই কথায়ে এতিয়া প্ৰতিপন্ন হৈছে। দেওবাৰে ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত ভৱনত প্ৰায়ত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৬৯ তম মৃত্যু দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য মৃদুল হাজৰীকাই এই মন্তব্য প্ৰকাশ কৰে। উপাচাৰ্যগৰাকীয়ে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰি আৰু কয় যে মহান লোক গৰাকীয়ে অসমৰ বাবে অনেক কৰি থৈ গৈছে সেইবোৰ আমি এতিয়া ধৰি ৰখাটোহে আমাৰ কৰ্তব্য।

আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পথত অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী আৰু প্ৰথ গৰাকী মুখ্যমন্ত্ৰী, আধুনিক অসমৰ ৰূপকাৰ ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটি বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব বুলি ঘোষণা কৰে। অকল সেয়াই নহয় এবছৰৰ ভিতৰত এই প্ৰতিমূৰ্তি স্থাপন কৰি গোপীনাথ নগৰৰ মৰ্যাদা অক্ষুন্ন ৰাখিম বুলি অংগীকাৰ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকাই। 

ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৬৯ সংখ্যক মৃত্যু দিৱস অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল। আধুনিক অসমৰ ৰূপকাৰ তথা অসম ৰক্ষাকৰ্তা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ চিন্তাধাৰাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা নীতি আগুৱাই নিব লাগিব বুলি কয় হাজৰিকাই। 

বৰদলৈৰ চিন্তাৰ ভিন্নতা আৰু জ্ঞানৰ গভীৰতাই তেওঁক এগৰাকী মহান ব্যক্তিৰ শাৰীত উন্নীত কৰিছে। তেওঁৰ দৰে সৎ নিষ্ঠাবান আৰু সহজ সৰল ৰাজনীতিবিদ বৰ্তমান সময়ত বিৰল। লোকপ্ৰিয় গোপীনাথ বৰদলৈ ন্যাস আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ মৃত্যু দিৱস উদযাপন সমিতিৰ উদ্যোগত ৰঙিয়া প্ৰেছ ক্লাৱ, স্বেচ্ছাসেৱী সংগঠন জনকল্যাণ সমিতি আৰু প্ৰভাতী কিৰণৰ সহযোগত কেন্দ্ৰীয় ভাৱে আয়োজিত দিৱসৰ সৈতে সংগতি ৰাখি পুৱা গ্ৰামস্বৰাজ পৰিষদৰ শিল্পীবৃন্দই ৰামধুন পৰিৱেশন কৰে।শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু বন্তি প্ৰজ্বলন তথা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে অসম চৰকাৰৰ জলসিঞ্চন (স্বতন্ত্ৰ) ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাই। 

বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ যতীন নাথৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতত্ব অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ দিপক কুমাৰ শৰ্মা, প্ৰথিতযশা কন্ঠশিল্পী সুদক্ষিণা শৰ্মা, বৰদলৈৰ দ্বিতীয় পুত্ৰ বীৰেন্দ্ৰ নাথ বৰদলৈ, সাংসদ ভুবনেশ্বৰ কলিতা, প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো সহ কেইবাগৰাকী বিশিষ্ট লোকে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী বৰদলৈৰ জীৱন, অসমৰ ৰক্ষাত তেওঁৰ অৱদান সম্পৰ্কে বহলাই ব্যাখ্যা কৰে। সভাৰ উদ্দেশ্যে বাখ্যা কৰে উদযাপন সমিতিৰ সম্পাদক অনন্ত ডেকাই। অনুষ্ঠানত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুত্ৰ বীৰেন বৰদলৈ, ৰবীন বৰদলৈ আৰু বলীন বৰদলৈ সহ পৰিয়ালৰ অন্যান্য সদস্যসকল উপস্থিত থাকে।