photo by Dipankar Das
photo by Dipankar Das

গোৰেশ্বৰঃ বাগছা জিলাৰ গোৰেশ্বৰ-আন্ধেৰীঘাট সংযোগী গড়কাপ্তানি বিভাগৰ এটি পথ। মডেল বিটিএডিৰ নমুনা প্ৰকাশ কৰা "বয়াগলা পথ" নামৰ এই পথটোৰ শোচনীয় অৱস্থাৰ বাবে এতিয়া যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিছে পথচাৰীয়ে।

দৈনিক শ শ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে আহ-যাহ কৰিব লগা হৈছে এই শোচনীয় পথটোৰে। আন্ধেৰীঘাট, খৈৰাবাৰী, বৈনাৰা, হাজলপাৰা, কলাকুছি, ৰাজমাটি, কাৰিপাৰা, বেতনা আদি কেবাখনো গাওঁৰ ৰাইজ এতিয়া যাতায়তৰ ক্ষেত্রত চৰম অসুবিধাৰ সম্মুখীন হ'ব লগীয়া হৈছে।

খোজ কাঢ়িব পৰাৰ উপযোগীও হৈ নথকা এই পথটোৰ মেৰামতি কিম্বা নিৰ্মাণৰ বাবে মুঠেও আগ্ৰহী হৈ উঠা নাই গড়কাপ্তানি বিভাগটো। পথটোত এতিয়া ভৰি পৰিছে বৃহৎ গাঁত আৰু খলাবমাই। এজাক বৰষুণতে সাগৰ সদৃশ হৈ পৰে পথটো।

কেৱল উন্নয়নৰ শ্লোগান দিয়েই বিটিচি প্ৰশাসনে আভুৱা ভাৰিছে বুলি অভিযোগ উত্থাপন কৰিছেস্থানীয় ৰাইজে। পথটোৰ শোচনীয়া অৱস্থা দূৰীকৰণৰ বাবে ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতা, বিটিচি গোৰেশ্বৰ সমষ্টিৰ ইএম মহেশ্বৰ বসুমতাৰী, মংগলদৈ লোকসভা সাংসদ ৰমেন ডেকা বা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কি ব্যৱস্থা লয় তালৈ বাট চাই ৰৈছে স্থানীয় ৰাইজে।