গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰত যোৱা ২০ ফেব্ৰুৱাৰীত চহৰখনৰ মজমজিয়াত অৱস্থিত পদ সাথী ফুট ওৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা উদ্ধাৰ হোৱা জোতা সৰ্বশিক্ষা অভিযানৰ নহয় বুলি দাবী কৰিছে প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী নয়ন দেৱনাথে।

আজি বিয়লি ৫বজাত এক সংবাদমেল যোগে ব্যৱসায়ী জনে সদৰী কৰে যে উক্ত জোতাৰ  পেকেটবোৰ তেওঁ যোৱা ২৯ জানুৱাৰীত ৰঙিয়াৰ ষ্টেচন ৰোড স্থিত পন্নালাল শ্বু ষ্টোৰৰ পৰা ক্ৰয় কৰি আনিছে। প্ৰমাণ হিচাপে তেওঁৰ কেচ মেমোকে ধৰি সকলো নথি সংবাদ মেলত প্ৰদৰ্শন কৰে।

হিট ৱে নামৰ কোম্পানীটোৰ এনে জোতা অসমৰ অন্য স্থানতো বিক্ৰী হৈ থকা বুলি দাবী কৰে যত সৰ্বশিক্ষা অভিযানৰ হিন্দী ভাষাত লিখা লেবেল সন্নিবিষ্ট আছে। ব্যৱসায়ী জনে ইয়াকো কয় যে জোতা সমূহ দিল্লীৰ হিট ৱে নামৰ কোম্পানীয়ে নিৰ্মাণ কৰিছে।

সৰ্বশিক্ষাৰ লেবেল থকা সন্দৰ্ভত তেওঁ কয় যে কোম্পানীয়ে প্ৰচাৰৰ বাবে এনে পন্থা ল'ব পাৰে কিন্তু এয়া ৰাজ্যত সৰ্বশিক্ষাৰ নামত বিনামূলীয়াকৈ বিতৰণ কৰাৰ বাবে যোগান ধৰা জোতা নহয়।

সংবাদ মেলত ব্যৱসায়ীজনে তামুলপুৰ খণ্ড সৰ্বশিক্ষা অভিযান মিশ্য়নৰ কো -অৰডিনেটৰৰ স্বাক্ষৰ সম্বলিত নথি দাখিল কৰে যত বিষয়া গৰাকীয়ে সৰ্বশিক্ষা অভিযানৰ কোনো জোতা বিনামূলীয়াকৈ বিতৰণ বাবে আজিলৈ লাভ কৰা নাই বুলি স্পষ্টকৈ উল্লেখ কৰিছে।

আজিৰ সংবাদ মেলত বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বিষয়ববীয়াসকলো উপস্থিত থাকি উক্ত ঘটনাৰ উচিত তদন্তৰ দাবী জনায়।