newsnextone.com | বিহালীঃ শনিবাৰে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে সদৌ অসম গোৰ্খা জনজাতি উন্নয়ন সন্থাৰ সভাপতি গোপাল তামাং মুক্তানে। বিহালীত অনুষ্ঠিত কৰা এখন সংবাদ মেল যোগে গোপাল তামাং মুক্তানে বৈধ নাগৰিকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি লাখ লাখ গোৰ্খা লোক এনআৰচিৰ বাদ পৰা বুলি কয়। থলুৱা গোৰ্খা লোক বাদ পৰা বুলি গোৰ্খা নেতাগৰাকীয়ে ক্ষোভ ব্যক্ত কৰে।

এনআৰচিৰ দ্বিতীয় খচৰাত নাম বাদ পৰা গোৰ্খাসকলে ১৯৭১ চনৰ আগৰে নথি জমা দিয়া বুলি দাবী কৰে। এনআৰচিত নাম লাখ লাখ গোৰ্খাৰ নাম নোহোৱাত ক্ষোভ প্ৰকাশ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে। 

অমিত শ্বাহে এখন সংবাদ মেল অনুষ্ঠিত কৰি এনআৰচিৰ পৰা বাদ পৰা ৪০ লাখ লোক অবৈধ প্ৰৱেশকাৰী বুলি দাবী কৰিছিল। অমিত শ্বাৰ মন্তব্যক উভতি ধৰি গোৰ্খা নেতাগৰাকীয়ে কয় যে অসমৰ গোৰ্খাসকল বাংলাদেশৰ পৰা আহিছে নে পাকিস্তানৰ পৰা আহিছে অমিত শ্বাহে স্পষ্ট কৰক। এই কথা স্পষ্ট কৰক অন্যথাই অহা নিৰ্বাচনত ইয়াৰ উত্তৰ দিবলৈ বাধ্য হ'ম। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক তীব্ৰ ভাষাৰে গৰিহণা দিব বিচাৰিছোঁ বুলি কয়। 

ইমান নহয় বিজেপিত থকা গোৰ্খা বিধায়কে অহা নিৰ্বাচনত গোৰ্খাৰ ভোট বিচাৰি আহিব নালাগে বুলি কৈ বৰছলাৰ বিধায়ক গণেশ লিম্বু আৰু মাৰ্ঘেৰিটাৰ বিধায়ক ভাষ্কৰ শৰ্মাই অহা নিৰ্বাচনত ভোট বিচাৰি নাহিব বুলি কয়। এই সময়ত যদি গােৰ্খৰা সম্যাক লৈ মাত নিদিয়ে কেতিয়া মাত দিব গোৰ্খা বিধায়কে। এখন শুদ্ধ এনআৰচি বনোৱাত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ সম্পূৰ্ণ বিফল। ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ গোৰ্খা সকলৰ নথি দিয়াৰ পিছতো নাম অন্তৰ্ভুক্ত হোৱা নায়। আমাৰ লাখ নাখ মানুহৰ নাম অন্তৰ্ভুক্ত হোৱা নাই বুলি কয়এই মন্তব্য সদৌ অসম গোৰ্খা জনজাতি উন্নয়ন সন্থাৰ সভাপতি গোপাল তামাং মুক্তানে। থলুৱা অসমীয়া গোৰ্খা প্ৰকৃত ভাৰতীয় হোৱাৰ পিছতো অন্যায় কৰা বুলিও কয়।