ডিজিটেল ডেস্কঃ বুধবাৰে জোধপুৰ আদালতে আশাৰাম বাপুক যাৱজ্জীৱন কাৰাদণ্ড বিহে৷ যোৱা প্ৰায় ৫ বছৰৰ ধৰি নাবালিকাক ধৰ্ষণৰ গোচৰত অভিযুক্ত হৈ আশাৰাম বাপুই জেলত দিন অতিবাহিত কৰিছে৷ জানিব পৰা মতে, এই সময়ত আশাৰাম বাপুৰ নামত ৰাজস্থান চৰকাৰে ৭ কোটি ২৫ লাখ টকা খৰচ কৰে৷

এটি ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ মতে, ৫০গৰাকী জোৱানৰ সুৰক্ষা প্ৰদান কৰি হৈছিল আশাৰাম বাপুক৷ শুনানি কালত জেলত পৰা আদালতলৈ অনা-নিয়া কৰাৰ নামত গাড়ীৰ কনভয় সহ সুৰক্ষা কৰ্মী নিয়োগ কৰিব লগা হৈছিল৷ জেললৈ নিয়াৰ পূৰ্বেই আদালতত চৌহদত প্ৰায় ২০ জন আৰক্ষীৰ জোৱান মোতায়ান কৰিব লগা হৈছিল৷

বিষয়া পৰ্যন্ত নিয়োগ কৰা হৈছিল আশাৰামৰ সুৰক্ষাৰ বাবে৷ এটা বছৰত বিশেষ আদালতত প্ৰায় ১০০ বাৰ শুনানি অনুষ্ঠিত হৈছিল৷ প্ৰতিবছৰ ১ কোটি ৫০ লাখ খৰচ হৈছিল চৰকাৰৰ৷ ৫ বছৰত মুঠ ৭ কোটি ২৫ লাখ টকা বাপুৰ নামত খৰচ কৰে ৰাজস্থান চৰকাৰে৷