গোৱালপাৰাঃ কচাইখানাত পৰিণত হৈছে গোৱালপাৰাৰ প্ৰসূতি আৰু শিশু স্বাস্থ্য কেন্দ্ৰ৷ বিচৰা ধন নিদিয়াৰ বাবেই ৰোগীক দুৰ্ব্যৱহাৰ কৰিলে চিকিৎসকে৷ ফলত চিকিৎসা অবিহনে উভতিব লগা হয় ৰোগী৷

ঘটনাৰ বিৱৰণী মতে, আজি পুৱা জিলাখনৰ লক্ষীপুৰৰ শিমুলবাৰীৰ পৰা নীলিমা বেগম নামৰ দুই সন্তানৰ এগৰাকী মাতৃ তৃতীয়বাৰ গৰ্ভৱতী হোৱাত গৰ্ভপাত কৰাবলৈ উপস্থিত হয় চহৰৰ প্ৰসূতি আৰু শিশু চিকিৎসা কেন্দ্ৰত৷

চিকিৎসালয়খনৰ চিকিৎসক ৰাজশ্ৰী পালে ৰোগীৰ পৰা গৰ্ভপাতৰ বাবদ পাঁচ হাজাৰ টকা বিচাৰে৷ অতি দৰিদ্ৰ পৰিয়ালৰ হোৱা বাবে তেওঁ লগত অনা দুহাজাৰ টকা দিব বিচাৰে৷ ৰোগীৰ লগত অহা আশা কৰ্মী মাজেদা খাতুনেও ৰোগীৰ দৰিদ্ৰতাৰ বিষয়ে চিকিৎসকগৰাকীক অৱগত কৰাৰ লগতে গৰ্ভপাত কৰাবলৈ অনুৰোধ কৰে৷

কিন্তু চিকিৎসকগৰাকীয়ে বিচৰা টকা নিদিলে চিকিৎসা নকৰে বুলি স্পষ্টকৈ জনায়৷ ইয়াৰ পিছত স্থানীয় পঞ্চায়ত সভানেত্ৰী ৰৌছনাৰা বেগমে চিকিৎসকগৰাকীক নিজৰ জেপৰ পৰা পাঁচশ টকা উলিয়াই দি মহিলাগৰাকীৰ চিকিৎসা কৰিবলৈ অনুৰোধ কৰাত দুৰ্ব্যৱহাৰ কৰি চিকিৎসা নকৰো বুলি কৈ কোঠাৰ পৰা উলিয়াই দিয়ে৷

চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে নিযুক্তি পোৱা চিকিৎসকে কচাইৰ ৰূপত অৱতীৰ্ণ হৈছে৷ দুৰ্নীতি মুক্তৰ শ্লোগানেৰে শাসনৰ বাঘজৰী দখল কৰা সৰ্বা চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়৷