এলাহাবাদ গৈ প্ৰয়াগৰাজ হ’ল, মোগলচৰাই গৈ পণ্ডিত দীনদয়াল উপাধ্যায় নগৰ হ’ল, এইবাৰ ‘ইণ্ডিয়া’ৰ সলনি হ’বগৈ ভাৰত!- এনে এক জল্পনা কল্পনাই এতিয়া আৰম্ভ হৈছে সমগ্ৰ দেশত। বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক আৰু জনবহুল দেশখনৰ ইংৰাজী চৰকাৰী নাম সলনি কৰি ‘ভাৰত’  কৰাৰ পৰিকল্পনা হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে। শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে (বিজেপি) ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বিশেষ অধিবেশনত দেশখনক পুনৰ প্ৰাচীন নামেৰে নামকৰণৰ বাবে সংসদত প্ৰস্তাৱ আগঢ়োৱাৰ পৰিকল্পনা কৰা বুলি ইতিমধ্যে কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো টুইট কৰি দেশৰ নাম সলনিৰ এক ইংগিত প্ৰদান কৰিছে। 

অৱশ্যে কেন্দ্ৰীয় চৰকাৰ এই পদক্ষেপক লৈ এতিয়া দেশজুৰি সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। বিৰোধী দলসমূহে দেশৰ নাম সলনি কৰিব বিচৰা কাৰ্যক লৈ সমালোচনাত সৰৱ হৈ পৰিছে। বিৰোধীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে বিৰোধী মিত্ৰজোঁটৰ নামৰ শ্বৰ্ট ফৰ্ম I.N.D.I.A হোৱা বাবেই মোদী চৰকাৰে ভয় খাই দেশৰেই ইংৰাজী নাম সলনি কৰিবলৈ লৰা-ঢপৰা লগাইছে। বিৰোধীয়ে বিজেপিয়ে ধৰ্ম নিৰপেক্ষ হিচাপে পৰিচিত বৈচিত্ৰ্যময় ভাৰতত নিজৰ হিন্দু জাতীয়তাবাদী মতাদৰ্শ জাপি দিব বিচাৰিছে বুলিও অভিযোগ উত্থাপন কৰে। কিন্তু সঁচাকৈয়ে ভাৰতৰ ইংৰাজী নাম 'ইণ্ডিয়া’ সলনি কৰাতো সম্ভৱ হ’বনে? দেশৰ এটা নতুন নাম সমগ্ৰ বিশ্বই আঁকোৱালি ল’বনে? তাক লৈও অনেকৰ মনত উদ্ৰেক ঘটিছে প্ৰশ্নৰ।

উল্লেখ্য যে, ৯ ছেপ্টেম্বৰত জি-২০ নৈশ ভোজনৰ বাবে আমন্ত্ৰণ জনাই ৰাষ্ট্ৰপতি ভৱনেও প্ৰথাগত “প্ৰেচিডেণ্ট অৱ ইণ্ডিয়া”ৰ পৰিৱৰ্তে “প্ৰেচিডেণ্ট অৱ ভাৰত” বুলি উল্লেখ কৰাৰ পিছতে এই প্ৰসংগক লৈ এতিয়া উত্তাল হৈ পৰিছে সমগ্ৰ দেশ। 

ভাৰতৰ বাবে প্ৰথম কোনে ব্যৱহাৰ কৰিছিল 'ইণ্ডিয়া’ নাম?

ভাষিক বৈচিত্ৰ্য, ঔপনিৱেশিকতাবাদ, ৰাজনৈতিক পৰিৱৰ্তন আদি কাৰকৰ দ্বাৰা প্ৰভাৱিত ভাৰতৰ ইতিহাস দীঘলীয়া আৰু জটিল। বিশ্ববাসীৰ মাজত আজি কেইবাটাও নামেৰে পৰিচিত এছিয়া মহাদেশৰ এইখন দেশ। ভাৰত, ইণ্ডিয়া, হিন্দুস্তান আদি নামেৰে পৰিচিত এই দেশখনৰ প্ৰতিটো নামৰ মাজতেই লুকাই আছে ইতিহাসৰ একো একোটা কাহিনী। একাংশ ইতিহাসবিদে দাবী কৰা মতে, 'ইণ্ডিয়া’ শব্দটো হৈছে 'সিন্ধু’ শব্দৰ পৰা সৃষ্ট। বৃটিছ শাসিত ভাৰতৰ পশ্চিম সীমাৰেখাৰে বৈ যোৱা সিন্ধু নদীক পাৰ্চী সকলে উচ্চাৰণ কৰিছিল হিন্দু বুলি। একেটা শব্দই গ্ৰীকসকলে উচ্চাৰণ কৰিছিল ইন্দো বা ইণ্ডাছ বুলি। পৰৱৰ্তী সময়ত ইংৰাজীত এই গ্ৰীক উচ্চাৰণৰে অপভ্ৰংশ ঘটি সিন্ধু নদীৰ পাৰৰ এই দেশখন 'ইণ্ডিয়া’ নামেৰে পৰিচিত হৈ পৰে।

তথ্য অনুসৰি, ভাৰতৰ বাবে প্ৰথম 'ইণ্ডিয়া’ শব্দৰ ব্যৱহাৰ কৰা হৈছিল নৱম শতিকাত কিং আলফ্ৰেডৰ দ্বাৰা। পিছত ১৭শ শতিকাত বৃটিছ ঔপনিৱেশকতাৰ সমত ইণ্ডিয়া নামটো জনপ্ৰিয় হৈ পৰে আৰু ভাৰতৰ চৰকাৰী নাম হিচাপে ব্যৱহাৰ কৰা হয়। ইংৰাজে ব্যৱহাৰ কৰা এই নামটো স্বাধীনতাৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া মূল ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছেও গ্ৰহণ কৰিছিল।

'ইণ্ডিয়া’ নামটো ভাৰতীয় সংবিধানৰ প্ৰথম অনুচ্ছেদতো উল্লেখ কৰা হৈছে।  য'ত কোৱা হৈছে যে 'ইণ্ডিয়া, অৰ্থাৎ ভাৰত  হ’ব ৰাজ্যসমূহৰ এক সংঘ’। এই দফাটো সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছিল সংবিধান সভাই, যিয়ে স্বাধীনতাৰ পিছত সংবিধানৰ খচৰা প্ৰস্তুত কৰিছিল। এই দফাটোৱে দুয়োটা নামৰ ঐতিহাসিক আৰু সাংস্কৃতিক তাৎপৰ্য্য স্বীকাৰ কৰিছিল আৰু দেশৰ ভাষিক আৰু আঞ্চলিক বৈচিত্ৰ্যকো প্ৰতিফলিত কৰিছিল।

'ভাৰত’ নামৰ ইতিহাস

ভাৰত নামটো ভাৰতীয় উপমহাদেশক বুজাবলৈ ভাৰতীয় শাস্ত্ৰ আৰু গ্ৰন্থত যুগ যুগ ধৰি ব্যৱহাৰ কৰা হৈছে। মহাকাব্য মহাভাৰত অনুযায়ী কিংবদন্তি সম্ৰাট ভাৰতৰ নামেৰেই এই দেশখনৰ নাম 'ভাৰত’ ৰখা হৈছিল বুলি অধিকাংশ ইতিহাসবিদেই দাবী কৰিব খোজে। কিছুমান উৎসৰ মতে, সম্ৰাট ভাৰত হিন্দু পৌৰাণিক কাহিনীত মানৱ জাতিৰ বংশধৰ মনুৰ বংশধৰ আছিল আৰু আধুনিক যুগৰ আফগানিস্তানৰ পৰা বাংলাদেশলৈকে বিস্তৃত এখন বিশাল ৰাজ্যত তেওঁ শাসন কৰিছিল। তেওঁ ধাৰ্মিক হোৱাৰ লগতে ন্যায় আৰু উদাৰতাৰ বাবে পৰিচিত আছিল আৰু তেওঁৰ নাম আদৰ্শ শাসক আৰু আদৰ্শ ৰাজ্য বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল।

আনহাতে বহু পৌৰাণিক গ্ৰন্থতো ভাৰত নামটোৰ উল্লেখ আছে। বেছিভাগ পৌৰাণিক গ্ৰন্থত ভাৰতবৰ্ষ  জম্বুদ্বীপৰ নটা ভাগৰ ভিতৰৰ এটা বুলি বৰ্ণনা কৰা হৈছে, যি ভূমিত মানুহে হিন্দু ব্ৰহ্মাণ্ডবিজ্ঞান অনুসৰি বাস কৰে। পৌৰাণিক ভূগোলত ভাৰতবৰ্ষক দক্ষিণ-পূব এছিয়াৰ কিছু অংশ হিচাপে উল্লেখ কৰা হৈছিল। অৱশ্যে আধুনিক মানচিত্ৰৰ সৈতে পৌৰাণিক ভূগোলৰ কোনো মিল নাই বুলি দাবী কৰি আহিছে একাংশ ইতিহাসবিদে।

ইংৰাজী ভাষাত দেশৰ চৰকাৰী নাম 'ইণ্ডিয়া’ হ’লেও আজিও এই দেশৰ নাগৰিকে ভাৰত নামটোকেই অধিক ব্যৱহাৰ কৰে। সাহিত্য, কবিতা, বিভিন্ন সাহিত্য ৰচনাৰ উপৰিও নিজৰ ঐতিহ্য আৰু পৰম্পৰাৰ বৰ্হিঃপ্ৰকাশ ঘটাবলৈ আজিও এই নামটোকেই অধিক ব্যৱহাৰ কৰে ভাৰতীয়ই। আনহাতে ইণ্ডিয়া নামৰ হিন্দী, অসমীয়া আদি অন্যান্য ভাষাৰ অনুবাদতো ভাৰত নামটোৰেই ব্যৱহাৰ কৰা হয়। এই নামটোৰ সৈতে হিন্দুত্বৰ ধাৰণা এটাও জড়িত হৈ আছে বুলি বহুতে দাবী কৰিব খোজে। দেশৰ হিন্দু সংস্কৃতিৰ মূল্যবোধ আৰু পৰিচয়ৰ ক্ষেত্ৰত সংজ্ঞায়িত কৰিবলৈ ভাৰত শব্দৰ ভূমিকা অপৰিসীম বুলি অনেকে দাবী কৰে।

ভাৰতৰ বাবে কিয় পৃথক এটা ইংৰাজী নাম?

আমেৰিকা যদি ইংৰাজীতো আমেৰিকা হয়, বাংলাদেশ যদি ইংৰাজীতো বাংলাদেশেই হয়, তেন্তে ভাৰত ইংৰাজীত 'ইণ্ডিয়া’ কিয়? এই প্ৰশ্ন বহু সময়ত বহুতে উত্থাপন কৰি আহিছে। কিন্তু ইয়াৰ উত্তৰ হ’ল ভাৰতৰ বৃটিছ ঔপনিৱেশিকতাবাদ। ভাৰতৰ স্থানীয় আৰু ইংৰাজী নাম বেলেগ হোৱাৰ কাৰণ মূলতঃ ঔপনিৱেশিক উত্তৰাধিকাৰ আৰু ভাৰত নামটোৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ বাবেই। ব্ৰিটিছ ঔপনিৱেশিক প্ৰশাসনে ভাৰতক তেওঁলোকৰ ভূখণ্ডৰ বাবে চৰকাৰী নাম হিচাপে ব্যৱহাৰ কৰিছিল আৰু লগতে অন্যান্য দেশকো প্ৰভাৱিত কৰিছিল যাতে তেওঁলোকে গ্ৰহণ কৰে। স্বাধীনতাৰ পিছতো ভাৰতে ইণ্ডিয়া নামটোৰ ব্যৱহাৰ অন্য দেশৰ সৈতে কূটনৈতিক আৰু বাণিজ্যিক সম্পৰ্কৰ ক্ষেত্ৰত অব্যাহত ৰাখে। কাৰণ স্বাধীনতা পৰ্যন্ত ইতিমধ্যে বিশ্ববাসীয়ে ভাৰতক ইণ্ডিয়া নামেৰেই জানিবলৈ আৰম্ভ কৰিছিল আৰু এই নাম বিশ্ববাসীয়ে গ্ৰহণো কৰিছিল।

কিন্তু একাংশৰ মতে ইণ্ডিয়া নামটোৱে দেশৰ প্ৰকৃত পৰিচয় আৰু সংস্কৃতিক প্ৰতিফলিত নকৰে। তাৰ বিপৰীতে ভাৰত অধিক উপযুক্ত আৰু স্থানীয় নাম। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই দাবী শেহতীয়াকৈ কৰিছিল যে ইণ্ডিয়া নামটোৱে ভাৰতৰ ওপৰত ঔপনেৱিশক অত্যাচাৰ আৰু শোষণৰ প্ৰতিফলন। 

কিয় 'ইণ্ডিয়া’ নাম সলনি কৰিব বিচাৰিছে বিজেপিয়ে?

ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব বিচৰা হিন্দুত্ববাদী দল বিজেপিয়ে পূৰ্বৰে পৰাই ভাৰতৰ ইংৰাজী নাম সলনি কৰাৰ দাবী উত্থাপন কৰি আহিছিল। বিজেপিৰ দাবী অনুসৰি ইংৰাজপ্ৰদত্ত ইণ্ডিয়া নামটোৰ সলনি ভাৰত নামৰ ব্যৱহাৰে দেশৰ প্ৰাচীন গৌৰৱ আৰু সভ্যতাক সঠিকভাৱে প্ৰতিফলিত কৰিব। বিজেপিয়ে এই দাবীও উত্থাপন কৰি আহিছে যে ভাৰত নামটোৱে দৰাচলতে আমাৰ সংবিধানত থকা ধৰ্মনিৰপেক্ষতাক প্ৰতিফলিত কৰিব পাৰে।

কেন্দ্ৰ আৰু বিভিন্ন ৰাজ্যত বিজেপিয়ে ক্ষমতাৰ বাঘজৰী হাতত লোৱাৰ পিছতে বিভিন্ন ঠাই, প্ৰতিষ্ঠান, আঁচনি আদিৰ নাম সলনি কৰি হিন্দু বা প্ৰাচীন সংস্কৃত নামেৰে ৰখাৰ বাবে পদক্ষেপো গ্ৰহণ কৰি আহিছে। বিজেপিয়ে উত্তৰ প্ৰদেশত মোগলযুগৰ এলাহাবাদক প্ৰয়াগৰাজ, ফৈজাবাদকম অযোধ্যা, মোগলচৰাইক দীন দয়াল উপাধ্যায় নগৰ, ঔৰংজেব ৰোডক এ পি জে আব্দুল কালাম ৰোড আদি নামলৈ ইতিমধ্যেই সলনি কৰি ভাৰতৰ প্ৰাচনী সভ্যতা-সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাৰ প্ৰতিফলন ঘটাবলৈ চেষ্টা কৰি গৈছে।

কিন্তু বিৰোধীৰ অভিযোগ- বিজেপি শাসিত মোদী চৰকাৰে ভাৰতৰ ইংৰাজী নাম 'ইণ্ডিয়া’ সলনি কৰি নতুনকৈ নামকৰণ কৰিব বিচৰাৰ অন্যতম কাৰণ হৈছে বিৰোধীৰ মিত্ৰশক্তি। উল্লেখ্য যে, ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ ইতিমধ্যে দেশৰ ২৮টা বিৰোধী দলে গঢ়ি তুলিছে এটা মিত্ৰশক্তি। যাৰ নাম দিয়া হৈছে- দ্য ইণ্ডিয়ান নেশ্যনেল ডেভল’পমেণ্ট ইনক্লুছিভ এলায়েন্স। যাক চমুকৈ INDIA বুলিও উচ্চাৰণ কৰা হৈছে।

বিৰোধীয়ে নিৰ্বাচনী যুঁজৰ বাবে ইণ্ডিয়া (INDIA) শব্দৰ প্ৰয়োগ কৰাৰ পিছতে এতিয়া এই শব্দ আৰু নামটোৰ বিৰুদ্ধে সৰৱ হৈ উঠা দেখা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি শীৰ্ষ বিজেপি নেতা-মন্ত্ৰীসকলক। ২০১৪ চনত ক্ষমতালৈ অহাৰ পিছত 'ষ্টাৰ্ট-আপ ইণ্ডিয়া’, 'মেক ইন ইণ্ডিয়া’ আদি আঁচনি ৰূপায়ণ কৰাৰ লগতে 'ভোট ফৰ ইণ্ডিয়া’ শ্ল’গান দিয়া মোদী আৰু বিজেপিয়ে এতিয়া ইণ্ডিয়াৰ সলনি ভাৰত শব্দ প্ৰয়োগৰ পোষকতা কৰিবলৈ আৰম্ভ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে সংসদৰ ভাষণ আৰু জনসভাৰ ভাষণত বিৰোধীৰ 'ইণ্ডিয়া’ মিত্ৰজোঁটক সন্ত্ৰাসবাদী সংগঠনৰ সৈতেও তুলনা কৰিছে। সমান্তৰালভাৱে সৰৱ হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। বিৰোধীৰ ইণ্ডিয়া মিত্ৰজোঁটৰ পিছতে তেওঁ নিজৰ টুইটাৰ হেণ্ডেলৰ পূৰ্বৰ 'অসম, ইণ্ডিয়া’ৰ সলনি 'অসম, ভাৰত’ ব্যৱহাৰ কৰি এই শব্দ আৰু নামটোৰ স্পষ্ট বিৰোধিতাৰ ইংগিত প্ৰদান কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখতো বিৰোধীক সমালোচনা কৰাৰ সময়ত 'ইণ্ডিয়া’ নামক লৈ বিষোদগাৰ ব্যক্ত কৰিছিল। তেওঁ দাবী কৰিছিল যে ইণ্ডিয়া নামটো ব্ৰিটিছ অপশাসনে জাপি দিয়া এটা নাম, এই নামটোৱে কোনোপধ্যেই ভাৰতৰ বৈচিত্ৰ্যময় সভ্যতা আৰু সংস্কৃতিক সাংজ্ঞায়িত নকৰে। তেওঁৰ লগতে বিজেপিৰ আন আন নেতাসকলেও এতিয়া 'ইণ্ডিয়া’ শব্দৰ ব্যৱহাৰৰ বিৰোধিতা কৰিছে।

২০১৫ চনত সৰ্বোচ্চ ন্যায়ালয়ত INDIAৰ পক্ষে মাত মাতিছিল মোদী চৰকাৰে

২০১৫ চনত সৰ্বোচ্চ ন্যায়ালয়ত সংবিধানৰ পৰা ইণ্ডিয়া শব্দটো প্ৰত্যাহাৰ কৰি ভাৰত কৰিবলৈ আবেদন জনাইছিল সমাজকৰ্মী নিৰঞ্জন ভাটৱালে। সেই সময়ত উক্ত পিআইএল সন্দৰ্ভত ন্যায়ালয়ে চৰকাৰৰ পৰা শপতনামা বিচাৰিছিল। তেতিয়া নৰেন্দ্ৰ মোদী চৰকাৰে আদালতত স্পষ্টকৈ জনাইছিল, 'ভাৰতীয় সংবিধানৰ ১ নং অনুচ্ছেদ সলনি কৰিবলগীয়াকৈ বৰ্তমান কোনো পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই।’

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আদালতক আৰু জনাইছিল যে সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ সময়ত দেশৰ নাম সম্পৰ্কীয় বিষয়সমূহক লৈ সংবিধান সভাই ব্যাপক আলোচনা কৰিছিল আৰু সৰ্বসন্মতিক্ৰমে ১ নং অনুচ্ছেদৰ দফাসমূহ গ্ৰহণ কৰিছিল। সংবিধানসভাই যিহেতু আলোচনাৰ মাধ্যমেৰে সৰ্বসন্মতিক্ৰমে উক্ত অনুচ্ছেদ অন্তৰ্বুক্ত কৰিছিল সেয়ে এই বিষয়টো সন্দৰ্ভত বিতৰ্ক বা পুনৰীক্ষণৰ প্ৰয়োজনীয়তা উদ্ভৱ হোৱা পৰিস্থিতি আহি পৰা নাই বুলিও চৰকাৰে আদালতক অৱগত কৰিছিল।

২০২০ চনত একেই দাবীৰে আন এখন আবেদন উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল। কিন্তু তদানীন্তন মুখ্য ন্যায়াধীশ এছ এ বব্দেই আবেদনকাৰীক স্পষ্টকৈ জনাইছিল যে আদালতে এয়া কৰিব নোৱাৰে। মুখ্য ন্যায়াধীশে আবেদনকাৰীগৰাকীক চৰকাৰৰ কাষ চাপিবলৈ পৰামৰ্শ আগবঢ়াইছিল। 

'ইণ্ডিয়া’ নাম সলনিক লৈ বিৰোধীৰ প্ৰতিক্ৰিয়া

ভাৰতৰ বিৰোধী দলসমূহে ইণ্ডিয়া নাম সলনি কৰি ভাৰত কৰাৰ প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু ইয়াক এক বিভাজন আৰু সাম্প্ৰদায়িক পদক্ষেপ হিচাপে সমালোচনা কৰিছে। বিৰোধী দলসমূহে বিজেপিক দেশৰ সাধাৰণ জনতা সন্মুখীন হোৱা প্ৰকৃত সমস্যা সমস্যা যেনে দৰিদ্ৰতা, নিবনুৱা, মুদ্ৰাস্ফীতি, দুৰ্নীতি, স্বাস্থ্য সংকট আদিৰ পৰা জনতাৰ দৃষ্টি আঁতৰাবলৈ নাম পৰিৱৰ্তনৰ কুচকাৱাজ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে কয়, "ইণ্ডিয়া কেৱল এটা নাম নহয়। ই আমাৰ বৈচিত্ৰ্য আৰু বহুত্ববাদক সামৰি লোৱা এটা ধাৰণা। ইয়াক নাইকিয়া কৰি পেলোৱাতো আমাৰ সংবিধান আৰু আমাৰ স্বাধীনতা সংগ্ৰামৰ অপমান হ'ব।"

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ নেত্ৰী মমতা বেনাৰ্জীয়ে কয়, "ভাৰত এটা হিন্দু নাম যিয়ে আমাৰ দেশৰ সকলো ধৰ্ম আৰু অঞ্চলক প্ৰতিনিধিত্ব নকৰে। ইণ্ডিয়া হৈছে সকলো ধৰ্ম আৰু সংস্কৃতিক সন্মান কৰা ধৰ্মনিৰপেক্ষ নাম। আমি আমাৰ দেশৰ ওপৰত হিন্দু পৰিচয় জাপি দিয়াৰ কোনো প্ৰচেষ্টা গ্ৰহণ নকৰো।" নাম সলনি কৰি বিজেপিয়ে ভোটাৰৰ মাজত সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব বিচৰা বুলি অভিযোগ কৰে সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱে।

এনচিপিৰ মুৰব্বী শৰদ পাৱাৰেও প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "ইণ্ডিয়া নামটো সমগ্ৰ বিশ্বতে স্বীকৃতিপ্ৰাপ্ত আৰু সন্মান কৰা হৈছে। ই আমাৰ ইতিহাস আৰু আমাৰ আকাংক্ষাক প্ৰতিফলিত কৰে। ইণ্ডিয়া শব্দটো বিলুপ্ত কৰি ভাৰতলৈ সলনি কৰিলে আমাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতি আৰু সম্পৰ্কৰ ক্ষতি হ'ব। ই আমাৰ জনসাধাৰণৰ মাজত বিভ্ৰান্তি আৰু বিশৃংখলতাৰ সৃষ্টি কৰিব।" কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ জয়ৰাম ৰমেশে চৰকাৰক সমালোচনা কৰি কয় যে বিৰোধীৰ মিত্ৰশক্তিৰ ভয়তে এতিয়া বিজেপিয়ে ভাৰতৰ ইংৰাজী নাম ইণ্ডিয়া শব্দটো প্ৰত্যাহাৰ কৰিব বিচাৰিছে। 

এক সংবাদমেলত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়, 'দেশ ১৪০ কোটি জনতাৰ, কোনো এটা দলৰ দেশ নহয়। ধৰা হ’ল কাইলৈ ইণ্ডিয়া এলায়েন্সে নাম সলনি কৰি ভাৰত ৰাখিলে, তেতিয়া কি বিজেপিয়ে ভাৰত নাম সলনি কৰি দিব? তেতিয়া কি ভাৰতৰ নাম বিজেপি ৰাখিব?’

অসমৰ সাংসদ গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয়, 'আমি ইণ্ডিয়া আৰু ভাৰত দুয়োটা নামক লৈ গৰ্ব অনুভৱ কৰো। ইছৰো, আইআইটি, আইআইএম, আইপিএছ এই সকলোবোৰতে আই শব্দটোৰ অৰ্থ হৈছে ইণ্ডিয়া। এতিয়া চৰকাৰে এইবোৰ সলনি কৰিব লাগিব। মানুহৰ মুখে মুখে চলি থকা এই শব্দবোৰ সলনি কৰাতো সহজ কথা নহয়। বিজেপি চৰকাৰে ইণ্ডিয়া মিত্ৰজোঁটক লৈ ইমানেই ভয় খাইছে যে এতিয়া কাম নোহোৱা কামবোৰ কৰিবলৈ আৰম্ভ কৰিছে।’

আকৌ এবাৰ হ'ব নেকি বিমুদ্ৰাকৰণ!

ভাৰতৰ নাম পৰিৱৰ্তনৰ চৰ্চাৰ সমান্তৰালভাৱে এতিয়া আৰম্ভ হৈছে আন এক চর্চাৰো। সেই চর্চা হৈছে ভাৰতত পুনৰ এবাৰ বিমুদ্ৰাকৰণৰ! দেশৰ নাম ইণ্ডিয়াৰ পৰা ভাৰত কৰিলেই আকৌ এবাৰ বিমুদ্ৰাকৰণৰ প্ৰয়োজন হব বুলি মন্তব্য কৰিছে বিৰোধীয়ে।

আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে সংবাদ মেলত ভাৰতৰ নাম পৰিৱৰ্তন প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে দেশৰ বহু সংস্থাৰ নামৰ সৈতে ইণ্ডিয়া শব্দটো জড়িত হৈ আছে। আইআইটি, এইমছৰ পৰা ইছৰ' আৰু প্ৰশাসনিক সেৱা আইএএছ, আইপিএছলৈকে সকলোতে ইণ্ডিয়া শব্দটো ব্যৱহাৰ হৈছে। যাৰ বাবে ইণ্ডিয়া নাম সলনিৰ লগে লগে এই সকলোবোৰত থকা ইণ্ডিয়া শব্দটোও সলনি কৰিব লাগিব।

সঞ্জয় সিঙে কয় যে ইয়াতকৈ বেছি প্ৰয়োজন হব দেশত পুনৰ এবাৰ বিমুদ্ৰাকৰণৰ। কিয়নো বৰ্তমান প্ৰচলিত প্ৰতিখন নোটতে আছে ইণ্ডিয়া শব্দ। দেশৰ নাম পৰিৱৰ্তন কৰিলে বৰ্তমান চলি থকা সকলো নোট বন্ধ কৰি চৰকাৰে নতুন নোট ছপা কৰিব লাগিব, যাৰ ফলত ২০১৬ চনৰ পৰিস্থিতিৰ দৰেই আকৌ এবাৰ বেংক, এটিএমৰ বাহিৰত জনতাই ঘণ্টাৰ পিছত ঘন্টা ধৰি শাৰী পাতিব লাগিব।

উল্লেখ্য যে ২০১৬ চনত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাতিটোৰ ভিতৰতে কৰা বিমুদ্ৰাকৰণৰ ঘোষনাত দেশজুৰি হাহাকাৰৰ সৃষ্টি হৈছে। হঠাৎ প্ৰচলন বন্ধ হৈ যোৱা নোটবোৰ সলাবলৈ মানুহে শাৰী পাতিছিল বেংকৰ সন্মুখত। চৰকাৰে সন্ত্ৰাসবাদ, দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ বিমুদ্ৰাকৰণ কৰা বুলি দাবী কৰিলেও শেষত সেয়া চৰকাৰৰ এক ভিত্তিহীন পৰিকল্পনা হিচাপেই আজি প্ৰমাণিত হৈছে।

চীনৰ প্ৰকৃত নাম কি জানেনে?

ভাৰতৰ যিদৰে ইংৰাজী ভাষাত আৰু স্থানীয় ভাষাত নাম বেলেগ ঠিক একেদৰে চুবুৰীয়া ৰাষ্ট্ৰ চীনৰো বিশ্ববাসীৰ বাবে এটা নাম আৰু স্থানীয় ভাষাত নাম আন এটা। চুবুৰীয়া দেশখনক বিশ্বৰ সকলোৱে চীন বা চাইনা বুলিয়েই জানে। কিন্তু ৰাষ্ট্ৰীয় ভাষাত দেশখনৰ নাম হৈছে 'জংজু’ (Zhōngguó)। চীনা ভাষাত জংজু শব্দৰ অৰ্থ হৈছে পৃথিৱীৰ মাজভাগৰ দেশ। 

ইতিহাসবিদসকলৰ মতে ১৬ শতিকাত পৰ্তুগীজসকলে এছিয়াৰ দেশখনক চাইনা বুলি অভিহিত কৰিছিল। ইয়াৰ পিছতে পশ্চিমত দেশখন চাইনা নামেৰে পৰিচিত হৈ পৰে। আন একাংশ ইতিহাসবিদে আকৌ সংস্কৃত শব্দ 'চীন’ৰ পৰা চীন বা চাইনা নামটো পৰ্তুগীজসকলে দিছিল বুলিও ক’ব খোজে। 

বিশ্ববাসীয়ে আঁকোৱালি ল’বনে নতুন 'ভাৰত’ক?

দেশৰ নাম পৰিৱৰ্তন নতুন বিষয় নহয়। পূৰ্বেও বহু ৰাষ্ট্ৰই বিভিন্ন কাৰণত নিজৰ নাম সলনি কৰি আজি অন্য এক নামেৰে পৰিচিত হৈ আছে। ১৯৭২ চনত পূৰ্বৰ 'সিংহল’ নাম সলনি কৰি নতুন নামেৰে পৰিচিত হৈছিল শ্ৰীলংকা। সেইদৰে ১৯৮৯ চনত বাৰ্মাই নিজৰ নাম সলনি কৰি আজি ম্যানমাৰ নামেৰে সমগ্ৰ বিশ্বত পৰিচিত হৈ পৰিছে। শেহতীয়াকৈ ২০১৮ চনত দক্ষিণ আফ্ৰিকাৰ এখন সৰু ৰাষ্ট্ৰ চাজিলেণ্ডে নিজৰ নাম সলনি কৰি এশ্বাটিনী ৰাখে।

বিশ্ববাসীয়ে এটা নতুন নামেৰে এখন ৰাষ্ট্ৰক আঁকোৱালি লোৱাটো সম্ভৱ, কিন্তু মাত্ৰ কেইটামান দিনৰ ভিতৰতে সেই দেশখনৰ নতুন নামৰ সৈতে পৰিচিত হোৱাটোহে অসম্ভৱ। স্বাধীনতাৰ পূৰ্বে আৰু পিছতো সমগ্ৰ বিশ্বই ভাৰতক 'ইণ্ডিয়া’ নামেৰেই জানি আহিছে। এনে পৰিপ্ৰেক্ষিতত 'ইণ্ডিয়া’ৰ সলনি এটা নতুন নামেৰে দেশখনক চিনি পোৱাত স্বাভাৱিকতেই কিছু অসুবিধা আহিব।

তৰুণ গগৈৰ শাসনকালত অসমৰ ইংৰাজী 'Assam’ৰ পৰিৱৰ্তে 'Axom’ কৰা হৈছিল। কিন্তু আজিও অসমৰে হওক বা অন্য প্ৰান্তৰ অধিকাংশ লোকেই অসম নামটো ইংৰাজীত লিখোতে 'Assam’ বুলিয়েই লিখে। সেইদৰে সৰ্বানন্দ সোণোৱালৰ শাসনত গুৱাহাটীৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথৰ নাম সলনি কৰা হৈছিল। কিন্তু আজিও গুৱাহাটীৰ নিৱাসীয়ে সেই পথসমূহৰ নাম ল’বলগীয়া হ’লে পূৰ্বৰ নামটোৱেই লয়। নতুন নামটো কেৱল চৰকাৰী নথি আৰু লিখাৰ সময়তহে সীমাবদ্ধ আজিও। বিশেষকৈ জিএছ ৰোডৰ নাম শংকৰদেৱ পথলৈ সলনি কৰা হৈছিল যদিও আজিও উক্ত পথটো মানুহৰ মাজত জিএছ ৰোড হিচাপেই পৰিচিত হৈ আহিছে।

একেদৰে শতিকাধৰি যিখন দেশক বিশ্বৰ অন্য প্ৰান্তৰ লোকে ইণ্ডিয়া নামেৰে জানি আহিছিল, চৰকাৰে সেই নাম সলনি কৰিলেও অনেকেই যে পুৰণি নামটোকে ব্যৱহাৰ কৰিব তাৰো সম্ভাৱনা নথকা নহয়।