photo by Mabin Ali
photo by Mabin Ali

পূৱ বৰপেটাঃ চেঙাত ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ ২৯ সংখ্যাক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি বৰপেটাৰ চেঙাৰ ভণ্ডাবাবা সেৱাশ্ৰমত এখন সভা অনুষ্ঠিত হৈ যায়। ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ বৰপেটা জিলাৰ সমন্বয়ক নিপেন ভূঞাই আঁত ধৰা সভাখনত পৰিৱেশ সংৰক্ষণ আৰু ৰাইজৰ কৰ্তব্যৰ সম্পৰ্কে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে সুমধুৰ ভাষণ প্ৰদান কৰি উপস্থিত ৰাইজক অনুপ্ৰাণিত কৰে।

জিলা সমন্বয়কগৰাকীয়ে উক্ত অনুস্থানত ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ উদ্দেশ্য সম্পৰ্কে বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়য়। মহিলাসকলৰ মাজত বৃক্ষ ৰোপণেৰে পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ প্ৰয়াসৰে ৫০০ৰো অধিক গছপুলি বিতৰণ কৰে।

উক্ত সভাত চেঙা অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী মহানন্দ পাঠকে অংশগ্ৰহণ কৰি গছ থাকিলেহে মানুহ থাকিব বুলি কৈ পৰিৱেশ সজাগতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।

সভাত চেঙা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক চাণক্য ডেকা, চেঙা দক্ষিণপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অনিমা পাটোৱাৰী, গ্ৰামীণ বিকাশ নিধিৰ বৰপেটা জিলাৰ ক্ষেত্ৰ বিষয়া ভৃগুনন্দন চৌধুৰী আৰু চেঙাৰ উদীয়মান যুৱক মবিন আলী উপস্থিত থাকি সহযোগ কৰে।