ডিজিটেল ডেস্কঃ নিজৰ ভালপোৱা জনক সমাজৰ আগত সাক্ষী কৰি বিয়া পতাৰ আনন্দই বেলেগ। কিন্তু এই সুখেই যদি প্ৰাণ লয় কাৰোবাৰ। কইনাক বিয়া পাতি নি ঘৰ নৌপাওতেই নাচি নাচি আনন্দত আত্মহাৰা দৰা ঢুকাই যোৱাৰ ঘটনা নিশ্চয় মৰ্মন্তুদ। 

এই ঘটনা গুজৰাটৰ বদোদৰা জিলাৰ। ৯ মে’ত বদোদৰাৰ ৰানৌলি গাঁৱৰ সাগৰ সোলাংকিয়ে অৰ্চনাক বিয়া পাতি ঘৰলৈ লৈ অনাৰ পথতেই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে সোলাংকি। 

বিয়াঘৰীয়া কইনা লৈ দৰাৰ ঘৰ পাবলৈ প্ৰায় ৩০০ মিটাৰমানহে আছিল। গাড়ীত উঠি নাযাও বুলি সোলাংকীয়ে নামি বন্ধুবৰ্গৰ সৈতে নাচি নাচি আগ বাঢ়িবলৈ ধৰে। 

এনেতে ঘটে অঘটন। কোনেও ভবা নাছিল যে সোলাংকি দৰাঘৰ নাপাবগৈ। বন্ধুবৰ্গৰ কান্ধত উঠি ঘৰ পোৱাৰ আগেয়ে সোলাংকি হৃদৰোগত আক্ৰান্ত হয়।

হস্পিতাললৈ ততাতৈয়াকৈ সোলাংকিক নিয়া হয় যদিও ডাক্তৰে সোলাংকিক মৃত বুলি ঘোষণা কৰে। এনেদৰে দৰাৰ সাজতেই মৃত্যুক সাৱতি লয় দুৰ্ভগীয়া যুৱকজনে। 

অত্যাধিক আনন্দৰ বাবেই এনেদৰে মৃত্যু ঘটা বুলি সোলাংকিৰ বন্ধু এজনে মন্তব্য কৰিছে। সমগ্ৰ গাওঁখনতে এই ঘটনাই শোকৰ ছাঁ পেলাইছে বুলি সোলাংকিৰ বন্ধু দক্ষেশে কয়।