newsnextone.com | ডিজিটেল ডেস্কঃ ২০১৭ চনৰ ১ জুলাইৰ পৰা সমগ্ৰ দেশতে প্ৰযোজ্য হোৱা জি এছ টিয়ে সামৰি লৈছে চেনিটেৰী নেপকিনকো৷ কেৱল সামৰি লোৱাই নহয়, মহিলাৰ সু-স্বাস্থ্যৰ বাবে অপৰিহাৰ্য এই সামগ্ৰীবিধক অন্তৰ্ভূক্ত কৰা হৈছিল বিলাসী সামগ্ৰীৰ তালিকাত৷ 

চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে অসমতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল মহিলাই। কিন্তু কিছু পলমকৈ হলেও শনিবাৰে অনুষ্ঠিত জিএছটি পৰিষদৰ ২৮ সংখ্যাক বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পীয়ুষ গোৱেলৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত চেনিটাৰি নেপকিন জিএছটিৰ পৰা বাদ দিয়া হয়। এতিয়াৰ পৰা মহিলাই ক্ৰয় কৰা নেপকিনত জিএছটি ভৰিব নালাগে। যাৰ ফলত দাম কমিব বুলি ধাৰণা কৰা হৈছে। 

ইয়াৰ লগে লগে ব্যৱসায়ীৰ বাবে কৰ পৰিশোধ কৰাৰ ব্যৱস্থা সহজ কৰাৰ বাবে চিন্তা কৰাৰ হয়। এতিয়াৰ পাৰ জিএছটি কৰ ৰিটাৰ্ণ ফৰ্ম মাথো এটাৰ পৃষ্ঠাৰ হ'ব। মাহেকত তিনিবাৰ দিব পৰা ব্যৱস্থাও নাথাকিব।