গুজৰাটঃ ২০১২ চনৰ তুলনাত ২০১৭ চনৰ ৯ আৰু ১৪ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা যোৱা ভোট গ্ৰহণত বৃহৎ প্ৰাৰ্থক্য দেখা গ’ল গুজৰাটত৷ সদ্য অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত ৮৪ লাখ লোকে ভোটদান কাৰ নাই গুজৰাটত৷ এইবাৰ বহু লোকে নিৰ্বাচনত ভোট দানে নকৰিলে৷ ২০১২ চনত ভোটদানৰ হাৰ আছিল ৭১.৩৪ শতাংশ৷

২০১৭ চনৰ তথা সদ্য অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত ৬৮.৪১ শতাংশ লোকেহে ভোটদান কৰিছে৷ এই প্ৰাৰ্থক্য সাধাৰণ বুলি ভবা হয় যদিও ব্যাপক ব্যৱধান দেখা যায়৷ ২০১২ চনত ৩ কোটি ৮০ লাখ লোকে ভোটদান কৰিছিল৷ ২০১৭ চনত ২ কোটি ৯৬ লাখ লোকেহে ভোট দান কৰে৷ অৰ্থাৎ ৮৪ লাখ লোকে ভোটদান কৰা নাই৷

একাংশ ৰাজনৈতিক বিশ্লেষকৰ মতে গ্ৰাম্য অঞ্চলৰ বহু লোকৰ ভোট দিব যোৱাৰ ইচ্ছা শক্তি নোহোৱা হোৱাৰ ফলতে এই প্ৰাৰ্থক্য আহি পৰিছে৷ একাংশ লোকে নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনত অংশ গ্ৰহণ নকৰাৰ বাবে ভোট দিয়া নাই বুলি কব খোজে৷

গুজৰাটৰ মধ্য আৰু উত্তৰ অঞ্চলত সকলোৱে ভোট দিবলৈ ওলাই আহে যদিও সৌৰাষ্ট্ৰত ভোট দিয়া লোকৰ সংখ্যা বহু কমিছে৷ আনহাতে দক্ষিণ গুজৰাটত বিজেপিৰ প্ৰভাৱ নোহোৱা হৈছে৷ ৩৩ খন জিলাৰ ১৮২টা সমষ্টিত ১৮২৮গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷ কংগ্ৰেছে ১৭৬ আসনত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লগতে বিজেপিয়ে ১৮২ খন আসনতে প্ৰাৰ্থী দিয়ে৷