গুৱাহাটীঃ দৰমহা নোপোৱা শিক্ষক, জৰাজীৰ্ণ আন্তগাঁথনি, বিশুদ্ধ খোৱাপানীৰ, পৰিস্কাৰ-পৰিচ্ছনতাৰ অভাৱ আদিৰ নানা সমস্যাৰে জৰ্জৰিত অসমৰ শৈক্ষিক জগতখনত গুণ কি বস্তু সেয়া বিতৰ্কৰ বিষয় হ’লেও ৭০,০০০ ছাত্র-ছাত্রীক সামৰি লোৱা ‘গুণোৎসৱ’ কার্যসূচী আৰম্ভ কৰিবলৈ চৰকাৰে প্রস্তুতি প্রায় সম্পূর্ণ কৰিছে৷

এই উপলক্ষে বহুচৰ্চিত গুণোৎসৱৰ ৱেবছাইট আনুষ্ঠানিকভাৱে আজি মুখ্য সচিবৰ সভাকক্ষত মুকলি কৰি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ গুণগত মান নিশ্চিত কৰা আৰু শিক্ষাৰ অৰ্থোপলব্ধিয়েই এই উৎসৱৰ উদ্দেশ্য বুলি মন্তব্য কৰে।

গুজৰাটৰ আর্হিত অসমতো বিদ্যালয়বিলাকৰ শিক্ষাৰ গুণগত মান উন্নত কৰাৰ উদ্দেশ্যে গুণোৎসৱ কার্যসূচী চৰকাৰে হাতত লোৱা বুলি জানিব দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে প্ৰাথমিক পৰ্যায়ত দেশৰ ভিতৰতে শোচনীয় অৱস্থা অসমৰ৷ সৰ্বশিক্ষা অভিযান আচঁনি ৰূপায়নতো অসমৰ স্থান আনবিলাক ৰাজ্যতকৈ তলত৷ এনে পৰিস্থিতিত গুণোৎসৱ কিমান প্ৰাসংগিক, সেইকথাক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিভিন্ন মহলে। 

৪ এপ্ৰিলৰ পৰা ৰাজ্যৰ সৰ্বমূঠ ৪৮ হাজাৰ বিদ্যালয় এই আঁচনিৰ অধীনত সামৰি লোৱা হ’ব। এই কাৰ্যসুচী অনুসৰি মহাবিদ্যায়ৰ প্ৰবক্তা, প্ৰশাসনিক বিষয়া, মন্ত্ৰী-বিধায়কে বিদ্যালয়সমুহৰ শিক্ষাৰ গুণগত মানদণ্ডৰ বিষয়ে বুজ ল’বলৈ বিদ্যালয়সমুহ পৰিদৰ্শন কৰিব৷

তদুপৰি পৰিদৰ্শকসকলে পৰিদৰ্শনৰ ভিত্তিত গ্ৰেড প্ৰদান কৰিব বিদ্যালয়সকলক৷ সেই একেখন বিদ্যালয়ে ভৱিষ্যতে কিমান ভাল ফলাফল দেখুৱাব সেই বিষয়েও জনাৰ বাবে পৰৱৰ্তীসময়ত পৰ্যবেক্ষকসকলে পৰীক্ষা কৰি চাব৷ কিন্তু ইমানবোৰ সমস্যাৰে জৰ্জৰিত গুণোৎসৱ কিমান দুৰ সফল হ’ব সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব৷