গুৱাহাটীঃ গুৱাহাটী মহানগৰ প্ৰশাসনে মহানগৰীৰ এটা অঞ্চলক গুৰুত্ব প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ দীৰ্ঘদিন ধৰি নানান সমস্যাৰে জৰ্জৰিত অঞ্চলটোৰ লোকসকলে চৰকাৰক বিভিন্ন সময়ত তেওঁলোকৰ সমস্যা সমাধানৰ বাবে দাবী জনাই আহিছে যদিও গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷

অসম বিধান সভাৰ অধিবেশন চলি থকাৰ মাজতে ৰাজধানী দিছপুৰৰ পৰা কিছু নিলগত মহানগৰীৰ বৃহত্তৰ বিৰুবাৰী অঞ্চলৰ ৰাইজে হাতে হাতে প্লেকাৰ্ড লৈ স্থানীয় গোপীনাথ নগৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগনত চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

বিৰুবাৰী অঞ্চলৰ পথ সমূহ মেৰামতি নকৰাৰ লগতে নলা সমূহো আজিলৈ চাফ নকৰাৰ অভিযোগ উত্থাপন কৰে৷ বাৰিষা বৰষুণ দিয়াৰ লগে লগে বাট-পথৰ অৱস্থা নাইকীয়া হোৱাৰ লগতে নিশা পথত পোহৰৰ ব্যৱস্থা নথকাৰ অভিযোগ উত্থাপন কৰে৷

স্থানীয় বিধায়ক, মেয়ৰক বাৰে বাৰে আৱেদন জনোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বুধবাৰে বিৰুবাৰী অঞ্চলৰ ৰাইজে ৰাজপথলৈ ওলাই আহি বিশুদ্ধ খোৱাপানী, ষ্ট্ৰীট-লাইট লগোৱা, পথ মেৰামতি কৰা আৰু নলা পৰিষ্কাৰ কৰাৰ দাবী জনায়৷