ৰঙিয়াঃ সকলো বয়সৰ লোকেই নিজৰ শৰীৰটোৰ যতন ল’ব পাৰে৷ নিতৌ আধা ঘন্টা সময় জিমখানাত আহি ব্যায়াম কৰিলেই ৰোগৰ পৰা মানুহ মুক্ত হৈ থাকিব পাৰে৷ আমাক অধিক সংখ্যক জিমখানা লাগে যাতে সকলো বয়সৰ লোকে আহি নিজৰ দেহটো সতেজ আৰু সুন্দৰ কৰি ৰাখিব পাৰে৷ এই মন্তব্য অসম ব’ডি বিল্ডিং এছোচিয়েছনৰ সাধাৰণ সম্পাদক তথা ভাৰ উত্তোলনৰ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী ভৱজ্যোতি গোস্বামীৰ৷

ৰঙিয়া বুধবাৰে এটি জিম খানা মুকলি কৰি এই মন্তব্য আগবঢ়ায় গোস্বামীয়ে৷ ৰঙিয়া চহৰৰ মাজমজিয়াত 'শৰাইঘাট ফিটনেছ চেন্টাৰ' নামেৰে অত্যাধুনিক জিমখানা মুকলি কৰি যুৱ প্ৰজন্মই যুৱ প্ৰজন্মৰ গুটখা, পাণ মছলা, ড্ৰাগছ আদি সেৱন কৰা বুলি আক্ষেপ কৰি নিজৰ সুন্দৰ জীৱনটোলৈ অমানিশা নমাই আনিছে বুলি মন্তব্য কৰে গোস্বামীয়ে৷ ই এক সামাজিক ব্যাধি৷ আমি সকলোৱে মিলি এই ব্যাধি আঁতৰ কৰিব লাগিব৷

জিমখানা মুকলি অনুষ্ঠানত ৰাষ্ট্ৰীয় ভাৰ উত্তোলক খলিল আলী, ২০১৭ বৰ্ষৰ মিষ্টাৰ অসম সমৰদ্বীপ বৰ্মন আৰু ২০১৬ বৰ্ষৰ মিষ্টাৰ অসম নৱজিৎ দাস, সাংবাদিক মিৰাজুল ইছলামে উপস্থিত থাকে৷ জিমখানাৰ পৃষ্ঠপোষক জয়ন্ত শৰ্মাই ২০০৫ চনতে ৰঙিয়াৰ বুকুত প্ৰথমবাৰৰ বাবে শৰাইঘাট ফিটনেছ চেন্টাৰে আত্মপ্ৰকাশ কৰিছিল যদিও সম্প্ৰতি ইয়াক আধুনিক স্তৰলৈ উত্তৰণ ঘটাই শৰীৰ সন্দৰ্ভত সচেতন লোকৰ বাবে মুকলি কৰি দিয়া হৈছে বুলি কয়৷

ব’ডি বিল্ডিং আৰু ভাৰ উত্তোলনৰ ন-ন সা-সৰঞ্জাম সংযোগ কৰি বিশ্ব মানৰ কৰি গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে বুলিও কয়৷ ৰঙিয়াৰ মহাত্মা গান্ধী পথৰ মিতালী মাৰ্কেটত যুৱ উদ্যমী জয়ন্ত কুমাৰ শৰ্মাৰ পৃষ্ঠপোষকতাত স্থাপন হোৱা অত্যাধুনিক জিমখানাটো৷