photo by Dhananjoy Nath, NNO Kokrajhar
photo by Dhananjoy Nath, NNO Kokrajhar

কোকৰাঝাৰঃ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিটিচিৰ উন্নয়নৰ বাবে ঘোষণা কৰা ১০০০কোটি টকাৰ পেকেজৰ অন্তৰ্ভূক্ত ২০খন অাঁচনিৰ অাধাৰশিলা অাজি একেদিনাই বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে স্থাপন কৰি একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰে। কেন্দ্ৰীয় চৰকাৰৰ বিশেষ অাঁচনিৰ অধীনত লাভ কৰা ১০০০ কোটি টকা পেকেজৰ ভিতৰত অন্তৰ্ভুক্ত প্ৰতিমা পাণ্ডে বৰুৱা সাংস্কৃতিক প্ৰকল্প কেন্দ্ৰ নিৰ্মাণৰ অাধাৰশিলা অাজি  পোনপ্ৰথমে বিটিচি  প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অানুষ্ঠানিকভাৱে স্থাপন কৰে।

অাজি পুৱা ৯:০০বজাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে গৌৰীপুৰস্থিত মহামায়া খেলপথাৰত কেবা শতাধিক ৰাইজৰ উপস্থিতিত অানুষ্ঠানিকভাৱে প্ৰতিমা পাণ্ডে বৰুৱা সাংস্কৃতিক প্ৰকল্প কেন্দ্ৰ নিৰ্মাণৰ অাধাৰশিলা স্থাপন কৰে।

♦ একেদিনাই ২০খনকৈ উন্নয়নমূলক অাঁচনিৰ শুভাৰম্ভ
♦ ১৯ এপ্ৰিলত বিটিএডিত সীমিত বন্ধৰ দিন ঘোষণা

ইয়াৰ পিছতেই বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কাজিগাঁওত জিলা পুথিভঁৰালৰ অাধাৰশিলা, টিপকাইত জুনিয়ৰ কলেজ, গোসাঁইগাঁওত জিলা পুথিভঁৰাল, বিএড কলেজ আৰু বৈদ্যুতিক পদ্ধতিৰে মৃতদেহ দাহন কাৰ্যৰ অাধাৰশিলা, ভাওৰাগুৰিৰ পৰা সাপটগ্ৰাম লৈ যোৱা পথৰ অাধাৰশিলা, কোকৰাঝাৰত বডোলেণ্ড ট্ৰেড চেণ্টাৰ, কোকৰাঝাৰ বি বি ইঞ্জিনিয়াৰিং কলেজ, অাইন মহাবিদ্যালয়, চিএইচডি কাৰ্যালয়, বাথৌ লোকাচাৰ অাৰু সাংস্কৃতিক প্ৰকল্প অাদিকে ধৰি একেদিনাই ২০ টা প্ৰকল্পৰ অাধাৰশিলা স্থাপন কৰি হাগ্ৰামা মহিলাৰীয়ে একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰে।

photo by Dhananjoy Nath

পুৱাৰে পৰা বিয়লিলৈকে অাধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ অন্তত হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ অাগত কয় যে কেন্দ্ৰৰ বিশেষ  আঁচনিৰ অধীনত লাভ কৰা ১০০০কোটি টকাৰ নিৰ্ধাৰিত অাঁচনি চাৰি বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। ১০০০ কোটি টকাৰে ৭০০ৰো অধিক অাঁচনি ৰূপায়ণ কৰা হব বুলিও মন্তব্য কৰিছে হাগ্ৰামাই। মূলত যাতায়ত, শিক্ষাক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি উল্লেখ কৰি এই অাঁচনি বিটিএডিৰ অান তিনিখন জিলাতো কাইলৈৰ পৰাই পৰ্যায়ক্ৰমে আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে।

ইপিনে হাগ্ৰামা মহিলাৰীয়ে কাইলৈ অৰ্থাৎ ১৯ এপ্ৰিলৰ দিনটো গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ জন্ম-জয়ন্তী উপলক্ষে বিটিএডি এলেকাত সীমিত বন্ধৰ দিন হিচাপে ঘোষণা কৰে।