newsnextone.com | কাকপথাৰঃ ৭০ৰ দশকত অসমীয়া ডেকাই ভাৰত চৰকাৰে অসমক বঞ্চিত কৰা বুলি অনুভৱ কৰিছিল। অসমৰ চাহ. কয়লা, খনিজ সম্পদ নিয়াৰ পিছতো অসম পাইছে কি বুলি প্ৰশ্ন উত্থাপন কৰিছিল। এনেবোৰ বিষয় চিন্তা আৰু দিল্লীৰ বঞ্চনাৰ বিৰুদ্ধে এদিন অসমক ভাৰতৰ পৰা মুক্ত হোৱাৰ সপোন দেখিলে একাংশ যুৱকে। অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক এদিন উজনিত একত্ৰিত হ'ল। হাতত অস্ত্ৰ তুলি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।

অসমৰ সাৰ্বভৌমত্বৰ দাবীত সশস্ত্ৰ সংগ্ৰাম কৰাৰ বাবে সংগঠনৰ জন্ম দিয়া হ'ল। ১৯৭৯ৰ ৭ এপ্ৰিলত শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত জন্ম লাভ কৰছিল আলফা নামৰ সংগঠনটোৰ। বৰ্তমানো স্বাধীন অসমৰ দাবীত ভাৰত চৰকাৰৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে। নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী (স্বাধীন) ঐক্যবদ্ধ জাতীয় মুক্তি সংগ্ৰামৰ দৃষ্টিভংগীৰে বিগত কেইবাটাও দশকজুৰি ভাৰত ৰাষ্ট্ৰৰ বিৰূদ্ধে এক চৰম বিৰোধী শক্তি হিচাপে সমগ্ৰ দক্ষিণ-পূব এচিয়াতে পৰিচিত।

উজনিত-নামনিত সেই সময়ত খোপনি পোতা সংগঠনটোৰ ৩৯ বছৰীয়া দীঘলীয়া এক সংগ্ৰামৰ ইতিহাস আছে। সেই ইতিহাস কেতিয়াও মিঠা হ'ব নোৱাৰে। কিন্তু আৰম্ভণিৰ সময়ত আলফাই গাঁৱৰ মানুহক বিভিন্ন প্ৰকাৰৰ সহায় কৰিছিল। আলফাই ৰুগীয়া লোকক ঔষধ পাতিও যোগান ধৰিছিল। বিভিন্ন পথ মেৰামতি কৰাৰ লগতে মাদক দ্ৰব্য নিবাৰণৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। গ্ৰাম্য এলেকাত সাংস্কৃতিক পৰিবেশ গঢ়ি তুলিছিল বুলি আজিও চৰ্চা হয়।

কিন্তু সময় পাৰ হৈ যোৱাৰ লগে লগে আপোন মানুহৰ তেজেৰে ফাকু খেলাৰ খেল খন অসমৰ বুকুত আৰম্ভ হৈছিল৷ ৭০ৰ পৰা ৯০ৰ দশকলৈ আপোন মানুহৰ তেজেৰে ফাকু খেলা খেল খনে বহু মাতৃৰ বুকু শুধা কৰিছে৷ জাতি, মাটি আৰু আপোন মানুহৰ বাবে শ্ল’গান দি জংঘলত যোৱাসকলৰ বাবে যোৱা প্ৰায় ৩৮টা বছৰে অসমৰ গ্ৰাম্য অঞ্চলৰ বহু লোকে সেনা-আৰক্ষীৰ আতিশয্যৰ বলি হৈছে৷

তাৰ পিছতে আকৌ আতিশয্যৰ বলি হোৱা লোকসকলকে আলফাই টাৰ্গট কৰি সময়ে সময়ে আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ দৰিদ্ৰ, খাটিখোৱা, থলুৱা কলৈ যাব৷ কোনো বুজিব থলুৱাৰ বেদনা৷ অসমীয়াৰ আজি ইফালে গলেও মৰণ, সিফালে গলেও মৰণ৷ অসমীয়া থাকিব কত৷ অসমীয়া আজি যাব কলৈ। বছৰ বছৰ ধৰি সেনা-আৰক্ষীৰ আতিশয্যৰ বলি হৈ অহা লোকসকলে প্ৰতিদিনে সংগ্ৰাম কৰিব লগা হৈছে জীয়াই থকাৰ বাবে৷

জংঘলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকৰ সৈতে যুদ্ধ কৰিব নে আপোন মানুহৰ সৈতে যুদ্ধ কৰিব৷ নিজৰ খেতি ডৰা ৰক্ষা কৰিবৰ বাবে প্ৰতিদিনে থলুৱা অসমীয়াই নিদ্ৰাহৰণ কৰিছে৷ নৈত জাহ গৈছে খেতিৰ মাটি, ঘৰ-বৰ৷ সন্তানৰ পঢ়াৰ খৰছৰ বাবে হাহাকাৰ কৰিব লগা হৈছে থলুৱাই৷ চৰকাৰেও উচ্ছেদৰ নামত থলুৱাৰ ঘৰ-বৰ ভাঙি থলুৱাকে কন্দুৱাইছে৷ অসমীয়া জাতিৰ বিপদৰ সময়ত অসমী আইক ৰক্ষা কৰিবলৈ ওলাই যোৱা ৰাজ্য খনৰ একাংশ লোকে আপোন মানুহৰ তেজেৰে ফাকু খেলাৰ খেল খনে ইতিমধ্যে জাতিক সংকটত পেলাইছে৷

ৰাজ্য খনৰ নিষিদ্ধ ঘোষিত আলফাত যোগাদান কৰা যুৱকসকলে স্বাধীন অসমৰ দাবীৰ বিৰুদ্ধে হেঙাৰ হৈ থিয় দিয়া লোকক বিভিন্ন সময়ত গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ অসমৰ স্বাৰ্থত হাতত বন্দুক তুলি লোৱা লোকসকলে সগোত্ৰীয়, কুটুমে কুটুমক হত্যা কৰি আহিছে৷ হাবি জংঘলত দিন অতিবাহিত কৰা বহু যুৱকে সেনা-আৰক্ষীৰ গুলীত মৃত্যুবৰণ কৰিব লগা হোৱাৰ লগতে বহু যুৱক ঘূণীয়া হোৱাৰ সময়ত বিদ্ৰোহী সংগঠনটোৰ নেতা-কেডাৰক বিচৰাৰ নামত সহজ-সৰল অসমীয়াক হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে৷

আবাল-বৃদ্ধ-বনিতা-ডেকাই বন্দুকৰ কুণ্ডাৰ কোব খাই জীৱন ঘূণীয়া কৰাৰো উদাহৰণ আছে৷ মাতৃয়ে পুত্ৰ হেৰুৱাই বুকু উদং কৰিছে৷ বহু বোৱাৰী বিধৱা হৈছে৷ যোৱা কেইবাটাও বছৰ ধৰি বিদ্ৰোহী সংগঠনৰ অপ্ৰত্যাশিত আক্ৰমণ আৰু অপহৰণ কাণ্ড, সেনা-আৰক্ষীৰ অভিযানে আতংকগ্ৰস্ত কৰি ৰাখিছে উউজনি অসমক৷ আলফাৰ সংগ্ৰাম খনৰ সকলোতকৈ প্ৰভাৱ থকা জিলা খন হৈছে  অসম-অৰুণাচল সীমান্তৰ তিনিচুকীয়া জিলা। 

আলফাৰ জন্ম কালৰ পৰাই তিনিচুকীয়া ঘাই ঘৰৰ দৰে আছিল। তেতিয়াৰ পৰা আজিও আলফাৰ নামত প্ৰতিদিনে নানা ঘটনা সংঘটিত হৈ আহিছে। আলফাৰ জাতীয় আন্দােলনত সমৰ্থন থাকক নাথাকক একাংশ লোকে প্ৰতিনিয়ত আলফাৰ নামত হাৰাশাস্তি ভোগ কৰিব লগা হয়। ইফালে আলফা আৰু আনফালে ভাৰতীয় সেনা। জীৱন এক জটিল মুহূৰ্তত পাৰ কৰে তিনিচুকীয়াবাসীয়ে।

কিন্তু তাৰ মাজতো জিলা খনৰ এগৰাকী যুৱকে এই সংগ্ৰাম চকুৰে ভালকৈ দেখিও ৰৈ থকা নায়। জন্মৰ পৰাই আলফাৰ সংগ্ৰামৰ কথা দেখিয়েই ডাঙৰ হোৱা যুৱক জনে অৱশেষত আলফাক বিষয় বিচাপে লৈ এখন বোলছবি নিৰ্মাণ কৰি বিশেষ কৃতিত্ব লাভ কৰিছে। নাম তেওঁৰ জয়ছেং জয় দহোতীয়া। জয়ছেং জয় দহোতীয়াই অসমীয়া ছবি ‘হান্দুক’ নিৰ্মাণ কৰি কেৱল তিনিচুকীয়াই নহয় সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

২০১৭ চনৰ এপ্ৰিল মাহত ছুইজাৰলেণ্ডৰ আউছি ফিল্ম এৱাৰ্ডছে অসমীয়া ছবি ‘হান্দুক’লৈ আগবঢ়াইছিল শীতকালীন ২০১৭ বৰ্ষৰ শ্ৰেষ্ঠ পৰিচালকৰ নমিনেশ্যন। শ্ৰেষ্ঠ পৰিচালকৰ নমিনেশ্যনৰ বাবে নিৰ্বাচিত হোৱা ডেনমাৰ্ক, ইংলেণ্ড, তুৰস্ক আৰু ফ্ৰান্সৰ চাৰিখন ছবিৰ সৈতে জয়ছেং জয় দহোতীয়াৰ হান্দুক আছিল একমাত্ৰ ভাৰতীয় চলচ্চিত্ৰ। ৯০ৰ দশকত আলফাৰ বাবে ভিতৰুৱা অঞ্চলৰ ৰাইজে কি পাইছিল, কি হেৰাইছে আৰু বৰ্তমান তাৰ অৱস্থান সন্দৰ্ভত সুন্দৰ উপস্থাপন কৰে জয়ছেং জয় দহোতীয়াই। 

'হান্দুক' ছবিখনে ইমানে ৰৈ থকা লগীয়া হোৱা নাছিল। তাৰ পিছতে ৰাষ্ট্ৰীয় ৰজত কমল বঁটা, মুম্বাই ফিল্ম ফেষ্টিভেলৰ বিশেষ জুৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
তাৰ লগে লগে অসম চৰকাৰে সপ্তম ৰাজ্যিক চলচিত্ৰ বঁটা আৰু চলচিত্ৰ মহোৎসৱত 'হান্দুক' কথা ছবিখনক শ্ৰেষ্ঠ চলচিত্ৰ বঁটা প্ৰদান কৰে। ছবিখনে অসম চৰকাৰৰ এই বঁটা লাভ কৰিবলৈ সক্ষম হোৱাত তিনিচুকীয়া জিলাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ভিতৰুৱা টঙনা গাঁৱৰ যুৱ পৰিচালক জয়ছেং জয় দহোতীয়াই পৰিচালনা কৰা  'হান্দুক' ছবিখনে ২০১৬-১৭ বৰ্ষত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেষ্ঠ চলচিত্ৰ বঁটা লাভ কৰাৰ খবৰে তিনিচুকীয়া জিলাত আনন্দৰ ঢল বৈছে ৷ 

পৰিচালক জয়ছেং জয় দহোতীয়াই ব্ৰজেন বৰুৱা শ্ৰেষ্ঠ পৰিচালক বঁটাও যুটীয়া ভাৱে লাভ কৰি জিলাখনলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঁটা প্ৰদান কৰে ৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ২০১৮ বৰ্ষৰ বহুকইটা বঁটা উক্ত অনুষ্ঠানত প্ৰদান কৰে ৷

 তিনিচুকীয়া জিলাৰ কাকপথাৰ বিশিষ্ট বুৰঞ্জীবিদ শ্ৰীকোমাৰ দহোতীয়া আৰু ইৰাৱতী দহোতীয়াৰ সুযোগ্য সন্তান জয়ছেং জয় দহোতীয়াৰ হান্দুক ছবিখনে ইয়াৰ আগতেও কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ অসমৰ ঐতিহাসিক মৰাণ-মটকসকলৰ মায়ামৰা প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখনৰ কাহিনী আছিল অসমৰ বিদ্ৰোহী সংগঠন আলফা পটভুমি ৷ 

৯০ৰ দশকত আলফাৰ বাবে ভিতৰুৱা অঞ্চলৰ ৰাইজে কি পাইছিল, কি হেৰাইছে আৰু বৰ্তমান তাৰ অৱস্থান সন্দৰ্ভত নিৰ্মাণ কৰা কথাছবিখনে ইতিমধ্যে ৰাষ্ট্ৰীয় ৰজত কমল বঁটা, মুম্বাই ফিল্ম ফেষ্টিভেলৰ বিশেষ জুৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ জয়ছেং জয় দহোতীয়াৰ সফলতাত আনন্দিত তিনিচুকীয়া জিলাবাসী ৷ জয়ছেং আৰু আগুৱাই যাওক তাৰে কামনা কৰিছে তিনিচুকীয়া জিলাবাসীয়ে ৷