newsnextone.com | কোকৰাঝাৰঃ বিটিএডি অঞ্চলত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ খচৰাত দুই লাখ নাগৰিকৰ নাম বাদ পৰা বুলি বিস্ফোৰক তথ্য ফাদিল কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ কোকৰাঝাৰ৷ চহৰৰ নিকটবৰ্তী দেৱৰগাওঁস্থিত 'আৰণাই বাথৌ কম্প্লেক্ছত বিপিএফ দলৰ এক কাৰ্যনিৰ্বাহক সভাৰ অন্ততঃ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সংবাদমাধ্যমৰ আগত বিটিএডিৰ চাৰিখন জিলাত এনআৰচিত আবেদন কৰা দুইলাখ লোক খচৰাৰ পৰা বাদ পৰাত তেওঁলোকক বিপিএফ দলৰ পৰা আইনী প্ৰক্ৰিয়াৰে সহায় কৰিব বুলি আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে ৷ 

সভাত লগতে অহা ৭ আগষ্টৰ পিছত বিপিএফ দলে প্ৰাইমাৰী আৰু ব্লক প্ৰৰ্যায়ত শিবিৰ মুকলি কৰি এনআৰচিৰ খচৰাত বাদ পৰা প্ৰকৃত নাগৰিকক আইনী সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে ৷ তদুপৰি তৃণমুল কংগ্ৰেছে এনআৰচি সন্দৰ্ভত কি ৰাজনীতি কৰি আছে সেয়া নাজানে বুলি উল্লেখ কৰে মহিলাৰীয়ে। সিফালেও কেচ, এইফালেও কেচ, কি কথা কলে, কি আইনৰ অধীনত পৰিব সেয়া জানিবলৈ তেওঁ উকিল নহয় বুলি মন্তব্যও কৰে হাগ্ৰামা মহিলাৰীয়ে। 

 আনহাতে মহিলাৰীয়ে কাৰ্যনিৰ্বাহক সভাৰ দ্বিতীয় প্ৰস্তাৱ মৰ্মে চিৰাং জিলাৰ ঢালিগাঁওৰ সমীপৱৰ্তী কুকুৰমাৰিস্থিত কাৰ্বন উদ্যোগে বিটিচিৰ ৰাইজৰ জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিতত বিটিচি প্ৰশাসনে উদ্যোগটো বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া সত্বেও উচ্চ ন্যায়ালয়ৰ পৰা স্থগিতাদেশ আনি পুনৰায় উদ্যোগটো চলাই নিয়াত বিপিএফ দলে কাৰ্বন উদ্যোগটো বন্ধ কৰাৰ বাৱে গণতান্ত্ৰিকভাৱে অন্দোলন কৰাৰ সিদান্ত গ্ৰহণ কৰে ৷ এইক্ষেত্ৰত চিৰাং জিলাক উদ্যোগটো বন্ধ কৰাৰ বাৱে আন্দোলন পন্থা গ্ৰহণ কৰিবলৈ দায়িত্ব অৰ্পন কৰে ৷ কাৰ্যনিৰ্বাহক সভাত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, চন্দন ব্ৰক্ষ, সাংসদ বিশ্বজিৎ দৈমাৰী, বিধায়ক ৰবিৰাম নাৰ্জাৰী, মনেশ্বৰ বসুমতাৰী, মাজেন্দ্ৰ নাৰ্জাৰী, থানেশ্বৰ বসুমতাৰী, বিটিচিৰ উপ-কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীকে ধৰি বিপিএফৰ বহু কেন্দ্ৰীয় নেতা উপস্থিত থাকে।