ডিফুঃ কাৰ্বি স্বায়ত্ত পৰিষদৰ অধ্যক্ষ হোৱাৰ দিশে অগ্ৰসৰ হৈছে হৰেণ চিং বে’। আজি দিনৰ ১২ বজাত দ্বাদশ পৰিষদৰ অধ্যক্ষ পদৰ বাবে ৫ নং ৰংখাং পৰিষদীয় সমষ্টিৰ বিজয়ী প্ৰাৰ্থী হৰেণ চিং বে’ই মনোনয়ন পত্ৰ খন দাখিল কৰে৷ 

হৰেণ চিং বে' ৰ বাহিৰে আন কোনো সদস্যই মনোনয়ন পত্ৰ দাখিল নকৰাত তেওঁ অপ্ৰতিদ্বন্দী  হৈ পৰিছে। এতিয়া কাইলৈ হ'বলগীয়া অধ্যক্ষৰ নিৰ্বাচন প্ৰক্ৰিয়া কেৱল আনুষ্ঠানিকতা হোবাতো নিশ্চিত হৈ পৰিছে।

আনহাতে ৭ জুলাইত দ্বাদশ পৰিষদৰ বাবে মুখ্য কাৰ্যবাহী সদস্যক ৰাজ্যপালে আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰদান কৰিব৷