newsnextone.com | ওদালগুৰিঃ মুকলিৰ পূৰ্বেইদেৱালত ফাট মেলিল হৰিশিঙাৰ দেউলগুৰিস্থিত হৰিশিঙা আদৰ্শ চিকিৎসালয়ত। বিগত ১২ জুলাইত হৰিশিঙা আঞ্চলিক এবছুৰ এটা দলে প্ৰত্যক্ষ কৰিছিল চিকিৎসালয়খনৰ দেৱালৰ প্ৰকাণ্ড ফাটসমূহ। ইয়াৰ পাছত এবছু নেতা ৰিঞ্জয় বড়োৱে সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰি কৈছিল যে প্ৰায় তিনি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণৰত অৱস্থাত থকা হৰিশিঙা আদৰ্শ চিকিৎসালয় নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। 

ওদালগুৰিৰ ঠিকাদাৰ অশোক বাজাজৰ নেতৃত্বত চিকিৎসালয় গৃহ নিৰ্মাণত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ হোৱাৰ অভিযোগ উত্থাপন কৰিছিল এবছুৱে। এক সূত্ৰৰ পৰা লাভ কৰা অনানুষ্ঠানিক খবৰ অনুসৰি ঠিকাদাৰ গৰাকীয়ে নিজৰ কোনো এক এণ্টাৰপ্ৰাইজৰ নামত ঠিকাদাৰজনে নিৰ্মাণ কাৰ্য চলাইছিল যদিও সূত্ৰটোৱে নামটো জনোৱাৰ পৰা বিৰত থাকে। কেৱল ঠিকাদাৰেই নহয়, দ্বায়িত্বত থকা অভিযন্তাগৰাকীও এই অনিয়মত জৰিত থকাৰ অভিযোগ উত্থাপন কৰি কৰিছিল এবছুৱে। ইয়াৰ পৰৱৰ্তী সময়ত উক্ত দিনাই হৰিশিঙা আঞ্চলিক এবছুৱে ঠিকাদাৰ অশোক বাজাজৰ বিৰুদ্ধে হৰিশিঙা আৰক্ষী থানান এক এজাহাৰ দাখিল কৰিছিল। 

উক্ত এজাহাৰৰ ভিত্তিত হৰিশিঙা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৪০৬/৪০৯/৪২০/৪১৮ নম্বৰ ধাৰাৰ অধীনত ৩২/১৮ নম্বৰত এক গোচৰ ৰুজু হৈছিল। কিন্তু আজি পৰ্যন্ত আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে এবছুৱে। ফলত এবছুৰ এটা সজাতি দলে ওদালগুৰি জিলা উপায়ুক্তক এক স্মাৰকপত্ৰ প্ৰদানৰ যোগেদি ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। স্মাৰকপত্ৰখনত এবছুৱে উল্লেখ কৰি কয় যে হৰিশিঙা আদৰ্শ চিকিৎসালয়খনৰ দহৰ পৰা বাৰখন দেৱালত বৰ্তমান অৱস্থাত দেখা গৈছে প্ৰকাণ্ড ফাট। ঠিকাদাৰ অশোক বাজাজে অতি নিম্নমানৰ সামগ্ৰীৰে চিকিৎসালয়খনৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰে স্মাৰকপত্ৰখনত।

ইয়াৰ পাছত ঠিকাদাৰ গৰাকী তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিভাগে চিকিৎসালয়খন স্থানীয় চিকিৎসালয় সমিতিৰ হাতলৈ গটাই দিব বিচাৰিছিল যদিও সংগঠনটোৱে ইয়াক তীব্ৰ বিৰোধিতা কৰে। সেয়েহে জিলা উপায়ুক্তক সংগঠনটোৱে স্মাৰকপত্ৰখনৰ যোগেদি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে। এই স্মাৰকপত্ৰৰ প্ৰতিলিপি সংগঠনটোৱে জিলা আৰক্ষী অধীক্ষক আৰু জিলা যুটীয়া স্বাস্থ্য সঞ্চালকলৈও প্ৰেৰণ কৰে। ইফালে এবছু নেতা ৰিঞ্জয় দৈমাৰীয়ে জানিবলৈ দিয়া মতে জিলা উপায়ুক্তই বিষয়টো গুৰুত্ব সহকাৰে লৈ দণ্ডাধীশ পৰ্যায়ৰ এক তদন্ত ঘোষণা কৰে। লগতে তেওঁ সমগ্ৰ বিষয়টোৰ ওপৰত ৰাজনীতিৰ হাত জৰিত থকাৰ সন্দেহ প্ৰকাশ কৰি জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ প্ৰদান কৰে।