গুৱাহাটীঃ ৰাজ্যত এতিয়া প্ৰতিদিনে নাৰীজনিত অপৰাধ সংঘটিত হৈ আহিছে৷ উজনি-নামনি-বৰাক উপত্যকাত যোৱা কেইবাটাও দিনত সংঘটিত হত্যা, ধৰ্ষণৰ ঘটনাই ৰাইজক চিন্তিত কৰি তুলিছে৷ সমানে চিন্তিত কৰি তুলিছে ৰাজ্যৰ চৰকাৰ খনক৷ কিয়নো ২০১৬ চনত শাসনৰ গাদীলৈ অহাৰ পিছৰে পৰা ৰাজ্য খনত ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে নাৰী জনিত অপৰাধৰ ঘটনা৷ 

উল্লেখ্য যে, ৰাজ্যত ২০১৬ চনৰ পৰা বৰ্তমানলৈকে ৩০০৯টা ধৰ্ষণৰ গোচৰ আৰু ১৭১০৬টা নাৰী নিৰ্যাতনৰ গোচৰ ৰুজু হৈছে। নেচনেল ক্ৰাইম ৰেকৰ্ড বুৰ'ৰ তথ্য অনুসৰি ২০১৬ চনত নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান আছিল দ্বিতীয়। নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত ভাৰতৰ ৰাষ্ট্ৰীয় গড় ৫৩.৬% ৰ বিপৰীতে অসমৰ গড় হৈছে ১৩১.৩%৷ এনে বোৰ তথ্যৰ দ্বাৰা চৰকাৰ তথা ৰাজ্যখনৰ প্ৰতিচ্ছবিত আচোৰ পৰে৷ ফলস্বৰূপে ৰাজ্য চৰকাৰ সষ্টম হ’ব লগা হয়৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ক্ষেত্ৰত এখন পত্ৰ লিখিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ৷ ৰাজ্যখনত সংঘটিত হোৱা নাৰী জনিত অপৰাধৰ গোচৰ নিস্পত্তিৰ বাবে ফাষ্টট্ৰেক আদালত গঢ়াৰ লগতে এনে গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ফাৰ্ষ্ট ট্ৰেক আদালতত হ’ব লাগে বুলি মুখ্যমন্ত্ৰীয়ে পত্ৰ যোগে আৱেদন জনাইছিল৷

মুখ্যমন্ত্ৰীৰ পত্ৰৰ ভিত্তিত বৃহস্পতিবাৰে নাৰী নিৰ্যাতন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ নিৰ্দেশ দি ৰাজ্যৰ প্ৰতিখন জিলাত ফাৰ্ষ্ট ট্ৰেক আদালত স্থাপনৰ পোষকতা কৰে৷

নাৰী জনিত অপৰাধৰ বিচাৰ হ’ব ফাৰ্ষ্ট ট্ৰেক আদালতত হোৱাৰ লগতে প্ৰতিখন জিলাত হ’ব একোখন ফাষ্ট ট্ৰেক আদালত স্থাপন কৰাৰ বিষয়টোকো গ্ৰহণ কৰি স্থাপনৰ নিৰ্দেশ দিয়ে আদালতে৷ শিশু আৰু মহিলাৰ গোচৰ এতিয়াৰ পৰা ফাৰ্ষ্ট ট্ৰেক আদালতত হ’ব৷