ধনশিৰিঃ বিজেপি নেতৃত্বাধীন চৰকাৰৰ সকলো বিভাগতে এতিয়া চৰম অৰাজকতা৷ বৰ বৰ কথাৰে সাধাৰণ জনতাক মোহাচন্ন কৰি ৰখা, ৰাজ্যৰ সফল মন্ত্ৰী বুলি দাবী কৰা হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগটোৰো বৰ্তমান পঁয়ালগা অৱস্থা ৷

কেৱল গুৱাহাটী মহানগৰীত ৰং-চঙৰ কাৰ্যসূচী অনুষ্ঠিত কৰি ভেল্কিবাজি কৰাৰ সময়তে গ্ৰাম্য অঞ্চলত তেনে ৰং চঙৰ বিপৰীতে এখন ব্লেক এণ্ড হোৱাইট প্ৰতিচ্ছবি হে দেখা যায়।

গ্ৰাম্য অঞ্চলত বাঁট-পথৰ লগতে বিশুদ্ধ খোৱাপানী, চিকিৎসালয়ত চিকিৎক নথকাত হাহাকাৰ কৰিব লগা হয়। বিশেষকৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগটোৱে উন্নয়নৰ প্ৰতিচ্ছবি সময়ে সময়ে দেখুৱাই আহিলেও, গ্ৰাম্য অঞ্চলত তাৰ বিপৰীত  প্ৰতিচ্ছবিহে প্ৰতিফলিত হোৱা দেখা যায় ৷ 

বিভাগটোৰ তেনে এক ফোঁপোলা স্বৰূপৰ উদাহৰণ হিচাপে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ মৌজাৰ অভংপথাৰ উপ-স্বাস্থ্য কেন্দ্ৰক লব পাৰি।

জানিব পৰা মতে,বৰপথাৰ মৌজাৰ অভংপথাৰ উপ-স্বাস্থ্য কেন্দ্ৰটোৰ পৰা স্থানীয় ৰাইজ যিমানদূৰ লাভৱান্বিত হ’ব লাগিছিল সিমান হোৱা নাই কেন্দ্ৰটোৰ পৰা। কেন্দ্ৰটোৰ বৰ্তমান অৱস্থা চাৰিও কাষে হাবিৰে আগুৰাৰ লগতে কেন্দ্ৰটো পৰিণত হৈছে গৰু-ছাগলীৰ বিচৰণভূমিত।

উল্লেখ্য যে, অঞ্চলটোৰ প্ৰায় ১০/১১খন গাঁৱৰ ৰাইজৰ বাবে ১৯৮৬ চনতে স্থাপিত উপ-কেন্দ্ৰটোৰ পৰা প্ৰাথমিক চিকিৎসাৰ ক্ষেত্ৰত পৰ্যাপ্ত চিকিৎসা সেৱা আগবঢ়াব পৰা নাই ৷  কিয়নো কেন্দ্ৰটোত ডাক্তৰ নাৰ্ছৰ সেৰেঙা উপস্থিতি, পৰ্যাপ্ত পৰিমাণৰ চিকিৎসাৰ সা-সৰঞ্জাম,ঔষধপাতিৰ অভাৱ।

জানিব পৰা মতে,কেন্দ্ৰটোত যি গৰাকী নাৰ্ছ নিযুক্তি দিয়া হৈছে তেওঁৰ পৰিৱৰ্তে অন্য এগৰাকী নাৰ্ছহে কেন্দ্ৰটোত কাম কৰি আহিছে।

অতিকে পিছপৰা এই অঞ্চলটোৰ ৰাইজে নিজৰ স্বাস্থ্য ৰক্ষাৰ বাবে জীয়াতু ভুগি আহিব লগা হৈছে ৷ বৰ্তমান ৩৩/৩৪ কি:মি: বাটকুৰি বাই গোলাঘাটলৈ গৈ স্বাস্থ্যৰ বাবে যুঁজ দিব লগা হোৱাত অঞ্চলটোৰ ৰাইজ ক্ষোভিত হৈ পৰিছে। সেয়েহে ৰাইজে বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে এই সমস্যাসমূহ দূৰ কৰিবৰ বাবে দাবী জনাইছে।